প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৪ ফেব্ৰুৱাৰীঃ একবিংশ শতিকাতো বিপদসংকুল, যাতায়তৰ অনুপযোগী এখন বাঁহৰ জৰাজীৰ্ণ দলঙে চৰকাৰৰ চৰম ব্যৰ্থতাৰ এক নমুনা দাঙি ধৰিছে।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ অৰ্ন্তগত সদা ব্যস্ত টেকেৰী নামচাই-মূংগং পথাৰ সংযোগী পথৰ পেঙেৰী জান নলাৰ ওপৰত অৱস্থিত জৰাজীৰ্ণ এখন বাহৰ দলং।
এই দলঙেদি দৈনিক ছাত্ৰ-ছাত্ৰী, পথচাৰীয়ে অতি বিপদজনকভাৱে স্কুল, বজাৰ সমাৰলৈ অহা-যোৱা কৰাত কেইবাবাৰো পথচাৰীয়ে দলঙৰ পৰা পানীত পৰিবলগীয়া হৈছে।
স্থানীয় জনপ্ৰতিনিধিগৰাকীয়ে এই ক্ষেত্ৰত আজিকোপতি কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ উজাৰিছে স্থানীয় লোকে।
Facebook Comments