লংকাৰ জোৰাপুখুৰীত বাল্যবিবাহৰ প্ৰচেষ্টাঃ চাইল্ড লাইনৰ তৎপৰতাত উদ্ধাৰ এগৰাকী কিশোৰী

0
19

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৫ ফেব্ৰুৱাৰীঃ লংকাৰ জোৰাপুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় এগৰাকী কিশোৰী।

লংকা চাইল্ড লাইনে আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে কিশোৰী গৰাকীক।

কিশোৰী গৰাকীৰ নাম দিপিকা দাস ।বয়স ১৫ ৰ পৰা ১৬ বছৰ ।

পৰিয়ালৰ লোকে কিশোৰীগৰাকীক ভালুকমাৰীৰ এজন যুৱকৰ লগত বিয়া দিবলৈ ওলাইছিল।

পিছত চাইল্ড লাইনে গোপন সূত্ৰৰ পম খেদি জোৰাপুখুৰীৰ কিশোৰীগৰাকীক নিজ গৃহৰ পৰা উদ্ধাৰ কৰে।

পিছত লংকা চাইল্ড লাইন কৰ্তৃপক্ষই কিশোৰীগৰাকীক হোজাইৰ শিশু কল্যাণ সমিতিলৈ প্ৰেৰণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here