ৰাইচাপৰিত পৰাগ উৎসৱৰ ব্যাপক প্ৰস্তুতি

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ৬ ফেব্ৰুৱাৰীঃ আহি আছে মিচিংসকলৰ আলি-আয়ে-লিগাং,ফাগুনৰ প্ৰথম বুধবাৰে পালন কৰা হয় মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লিগাং, সমান্তৰালভাৱে অহা ১২ আৰু ১৩ মাৰ্চত দুদিনীয়াকৈ ধেমাজিৰ দলপা গাঁৱত উদযাপন কৰিব মিচিংসকলৰ এক অন্যতম উৎসৱ পৰাগ বা নৰাছিগা বিহু৷

দলপা গাঁৱৰ যুৱক সংঘ আৰু ৰাইজৰ সহযোগত ব্যাপকভাবে প্ৰস্তুতি চলিছে নৰাছিগা বিহু উদযাপনৰ৷

কি বোৱাৰী!কি জীয়াৰী!উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাইচাপৰি অঞ্চল৷

ছাঁইমদ প্ৰস্তুতকৰণ, ৰিবি গাছেং, মিবু গালোগ বোৱাত তাঁতশালে তাঁতশালে ব্যস্ত মিচিং কনেংসকল৷

কাৰণ পৰাগ উৎসৱত আহিব নিজৰ আপোনগৰাকী৷এতিয়া গা সাতখন-আঠখন লাগিছে দলপা গাঁৱৰ ডেকা-বুঢ়া আৰু জিয়াৰী-বোৱাৰীসকল৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here