ধেমাজিত মহামানৱ মহাত্মা গান্ধীৰ ৭৩ সংখ্যক পুণ্যতিথি আৰু সূত্ৰাঞ্জলি অৰ্পণ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ১২ ফেব্ৰুৱাৰীঃ অসম সৰ্বোদয় মণ্ডলৰ উদ্যোগত ধেমাজি জিলা সৰ্বোদয় মণ্ডলৰ সক্ৰিয় সহযোগত মহামানৱ মহাত্মা গান্ধীৰ ত্ৰি-সপ্ততিতম পূণ্যতিথি উপলক্ষে সূত্ৰাঞ্জলি অৰ্পণ তথা সৰ্বোদয় দিৱস উদযাপন।

ধেমাজি সৰ্বোদয় ভৱনত দিনজোৰা কৰ্মসূচীৰে অনুষ্ঠিত কৰা সৰ্বোদয় দিৱসটিত পূৱাৰ “সূত্ৰাঞ্জলী অৰ্পণ” উদ্ধোধন কৰে মহাদেৱ বিদ্ৰোহী অধ্যক্ষ, অখিল ভাৰত সৰ্বোদয় মণ্ডলে। ইয়াৰ পিছতে স্মাৰক গ্ৰন্থ উন্মোচন কৰে ডিব্ৰুগড় এম.ডি.কে. কলেজৰ প্ৰাক্তন অধ্যক্ষ সুনীল কুমাৰ বৰঠাকুৰে।

উক্ত অনুষ্ঠানতে মহাত্মা গান্ধীৰ গুণমুগ্ধসকলে,মহামানৱ গান্ধীৰ নীতি আদৰ্শ ওপৰত এক বিশাল আলোচনা কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here