প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ১২ ফেব্ৰুৱাৰীঃ পৱিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে বিগত বর্ষৰ দৰে এই বেলিও লখোপুৰ গান্ধীবস্তি চুপা উন্নয়ন সমিতিৰ সৌজন্যত তিনি দিনীয়া বিস্তৃত কার্যসূচীৰে ২০ সংখ্যক ধৰ্মীয় মাঘী মহোৎসৱ উদযাপন কৰা হয়।
অনুষ্ঠানৰ কৰ্য্যসূচী অনুসৰি ৮ ফেব্ৰুৱাৰী শনিবাৰে ৯ বজাত লখোপুৰ চুপা উন্নয়ন সমিতিৰ সভাপতি ধীৰেশ্বৰ বৰ্মনে পতাকা উত্তোলন কৰাৰ পিছতে অনুষ্ঠানৰ কার্যসূচী আৰম্ভ হয়।
আনহাতে অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ ৯ ফেব্ৰুৱাৰী ৰবিবাৰে ৰাতিপুৱা ৬ বজাত ধৰ্মীয় শোভাযাত্ৰা উলিয়াই, অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি দুপৰীয়া ১২ বজাত ধৰ্মীয় আলোক পাঠ শীৰ্ষক এক মননশীল অনুষ্ঠান আয়োজন কৰা হয়।
অনুষ্ঠানত কবি লেখিকা মনীষা শৰ্মা নিমন্ত্ৰীত অতিথি হিচাপে উপস্থিত থাকি মাঘী পূৰ্ণিমাৰ তাৎপৰ্য সম্পৰ্কত নিজৰ বক্তব্য আগবঢ়াই।
ভাষণ প্ৰসংগত তেওঁ কয় যে আজিৰ দিনটোতে ভগৱান বুদ্ধই শিষ্যসকলক ভিক্ষুসংঘক ধৰ্মোপদেশ কৰিছিল হিন্দু ধর্মৰ কৰ্মকাণ্ডাৰীসকলেও জগতৰ মংগলৰ বাবে বিষ্ণুপূজাৰ আয়োজন কৰিছিল।
অনুষ্ঠানত আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।