ৰকিবুলৰ দুৰ্গ চামগুৰিত বিজেপিৰ  আইদেউৰ বুলনি অনুস্থানঃ চামগুৰিত বিজেপিৰ মিছন ১০০ৰ শুভউদ্বোধন

0
4

প্ৰাগজোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১২ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বিজেপিৰ মহিলা মৰ্চাৰ  উদ্যোগত ১২ ফেব্ৰুৱাৰীত ৰকিবুলৰ দুৰ্গ বুলি খ্যাত চামগুৰিত বিজেপিৰ ‘আইদেউৰ বুলনি’ অনুষ্ঠান উপলক্ষে আয়োজিত দিহানাম আৰু জনগোষ্ঠীয় নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিবলৈ আহি নতুন তিনিআলি তেলিয়া গাঁৱত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ৷

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ অৰ্ধ শতাধিক প্ৰতিবাদী নেতা-কৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সভাৰ সমীপতে আৰক্ষী-প্ৰশাসনৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতো বিজেপি সভাপতিগৰাকীৰ প্ৰতিমূৰ্তি জ্বলাই আজি ‘কা’ বিৰোধী প্ৰতিবাদ সব্যস্ত কৰা পৰিলক্ষিত হয়৷

উক্ত প্ৰতিবাদ সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত ৰঞ্জিত দাসে কয় যে, বিজেপিৰ বাবে এয়া কোনো প্ৰত্যাহ্বান হ’ব নোৱাৰে।

এইবাৰ বিজেপিয়ে ১০০খন আসন পাবই আৰু আজিৰ পৰাই আমি এই অভিযান আৰম্ভ কৰিছো ।

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত ৰিৰ্পট কাৰ্ডৰ বিৰ্তক সন্দৰ্ভত কয় যে সকলো মন্ত্ৰী হোৱাৰ আগত যিহেতু এজন বিধায়ক, গতিকে মই বিধায়ক সকলোৰেই ৰিৰ্পট কাৰ্ড বিচাৰিম।

লগতে নিজৰ দলৰেই বিধায়কে প্ৰথমে মন্ত্ৰীৰ ৰিৰ্পট কাৰ্ড ল’বলৈ দিয়া সন্দৰ্ভত এয়া কাৰোবাৰ উচতনিতহে মন্তব্য কৰিছে বুলি কয়।

আনহাতে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা অব্যাহত থাকিব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।

বিজেপিৰ “মিশ্বন ১০০” অভিযানৰ প্ৰথম কাৰ্যসূচীৰ অংশ হিচাপে চামগুৰিৰ তেলিয়াগাঁওস্থিত বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত চামগুৰি সমষ্টিৰ মহিলা মৰ্চাৰ উদ্যোগত আয়োজিত আইদেউৰ বুলনি অনুষ্ঠানৰ শুভ উদ্বোধন কৰা সভাপতি ৰঞ্জিত দাসৰ লগতে বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক তথা বিজেপিৰ জ্যেষ্ঠ নেতা ফণী শৰ্মা, দীপ্লুৰঞ্জন শৰ্মা আৰু বিজেপিৰ কলিয়াবৰ জিলা সভাপতি অনিল শইকীয়া, কলিয়াবৰ জিলা বিজেপিৰ কোষাধ্যক্ষ জ্ঞানদীপ মহন্ত, অসম চাহ নিগমৰ উপাধ্যক্ষ সীমাঞ্চল দিগালকে ধৰি বহুজন নেতাই  অংশ গ্ৰহণ কৰে।

বিগত দুটা দশক ধৰি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টি এইবাৰ বিজেপিয়ে দখল কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বিজেপি নেতা অনিল শইকীয়াই কয় যে ৰকিবুলক ভেটিবলৈ এইবাৰ চামগুৰিত হাজাৰ হাজাৰ মুলাগাভৰু ওলাই আহিছে। ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ “আইদেউৰে বুলনিতে পোহৰৰে ধেমালি” শীৰ্ষক কালজয়ী গীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত কেইবাটিও দিহানামৰ প্ৰতিযোগী দলে অংশ গ্ৰহণ কৰে৷

প্ৰতিটো দললৈ বিজেপিৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা একোযোৰকৈ তাল উপহাৰ স্বৰূপে আগবঢ়ায় ৷

উল্লেখযোগ্য যে সভাপতি ৰঞ্জিত দাসে চামগুৰিৰ অনুষ্ঠানতোত অংশ লৈ থকা অৱস্থাতে একাংশ লোকে সভাগৃহ ত্যাগ কৰা দেখা যায় ৷

প্ৰখৰ ৰ’দৰ প্ৰকোপত সভাপতিগৰাকী উপস্থিত থকাৰ পিছতো সভা চলি থাকোতেই অধিকাংশ আসন এক প্ৰকাৰ খালী হৈ পৰা পৰিলক্ষিত হয় ৷

আজিৰ অনুষ্ঠানলৈ উৰিয়াগাঁও বাইপাছৰ পৰা শতাধিক মহিলাই বাইক ৰেলীৰে সভাপতিগৰাকীক সভস্থলীলৈ আদৰি আনে ৷

সেই মুহূৰ্ততে প্ৰতিবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে দাসৰ প্ৰতিমুৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here