স্বৰগম সংগীত বিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্নঃ চিত্ৰনাট্যকাৰ পল্লৱ পৱন বৰালৈ ‘স্বৰগম বঁটা -২০২০’ প্ৰদানঃ পৰাগ কুমাৰ দাস যুৱ সাংবাদিকতা বঁটা প্ৰাপক তপন কুমাৰ বৰাক ৰাজহুৱা সম্বৰ্ধনা

0
2

প্ৰাগজোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১২ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ চামগুৰি ভেলেউগুৰিত স্থাপিত স্বৰগম সংগীত বিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠ দিৱসত ১০ ফেব্ৰুৱাৰীত জনপ্ৰিয় ধাৰবাহিক “বেহেৰবাৰীৰ আউট পোষ্ট”ৰ চিত্ৰনাট্যকাৰ পল্লৱ পৱন বৰালৈ “স্বৰগম বঁটা -২০২০” প্ৰদান কৰে৷

সমাজ কৰ্মী প্ৰফুল্ল বৰাৰ সঞ্চালনাত আৰু কণ্ঠ শিল্পী নৈমিষা বৰাৰ পৰিচালনাত প্ৰাণ পাই উঠা স্বৰগম সংগীত বিদ্যালয়খনত সংগীত আৰু নৃত্যৰ শাখাত শিক্ষা গ্ৰহণ কৰি থকা বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত আধুনিক নৃত্য পৰিৱেশন কৰাৰ লগতে বহুকেইটা কালজয়ী গীত পৰিৱেশন কৰি উপস্থিত শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয়৷

অনুষ্ঠানটোতে চামগুৰিৰ পৰা অজিত কুমাৰ ভূঞা সম্পাদিত “আজি” কাকতত মফছলীয় সাংবাদিক হিচাপে আত্ম প্ৰকাশ কৰি পৰৱৰ্তী সময়ত DY-365ৰ মধ্য অসমৰ বুৰ’ ছীফ হিচাপে দায়িত্ব বহন কৰা তথা পৰাগ কুমাৰ দাস যুৱ সাংবাদিকতা বঁটা প্ৰাপক তপন কুমাৰ বৰাক স্বৰগম সংগীত বিদ্যালয়ৰ তৰফৰ পৰা ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে৷

অসীম কুমাৰ বৰাই আঁতধৰা আৰু লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ কাল জয়ী গীতৰে আৰম্ভ কৰা আজি অনুষ্ঠানটিত বিশিষ্ট সংগীত পৰিচালক ধ্ৰৱজ্যোতি ভৰালীয়ে বন্তি প্ৰজ্বলনেৰে মঞ্চ উদ্বোধন কৰে৷

এই অনুষ্ঠানতে স্বৰগম সংগীত বিদ্যালয়ৰ বৰ্ষ শ্ৰেষ্ঠ শিক্ষাৰ্থী তৃষ্ণা বৰাৰ লগতে বিশিষ্ট নৃত্য পৰিচালক ঋষি শৰ্মা বৰদলৈ, বিশিষ্ট সংগীত শিল্পী অনিল দাস,স্বৰসতী একাদেমীৰ প্ৰতিষ্ঠাতা ৰূপজ্যোতি মহন্তকে প্ৰমুখ্য কৰি বহুকেইগৰাকী লোকক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here