প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ১২ফেব্ৰুৱাৰীঃ বুধবাৰে নিশা পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰিতু মুগং পথাৰ অঞ্চলত এগৰাকী বিবাহিতা মহিলাক বুধেশ্বৰ গগৈ ওৰফে বুদুক নামৰ এজন বিবাহিত যুৱকে ভাওনা চাই নিশা ঘুৰি অহা সময়ত উপযুপৰি ধৰ্ষণ কৰি হত্যা কৰি পথৰ দাঁতিত পেলাই যোৱাক কেন্দ্ৰ কৰি আজি স্থানীয় বিভিন্ন দল সংগঠনে পেঙেৰী আৰক্ষী থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে উক্ত অঞ্চলসমূহত অবাধ ৰূপত প্ৰচলন হৈ থকা মাদক দ্ৰব্যৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ তোলে আৰু পেঙেৰী আৰক্ষীয়ে মাদক দ্ৰব্য বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে।
প্ৰতিবাদকাৰীসকলে মুক্তভাৱে প্ৰচলন হৈ থকা মাদক দ্ৰব্য বন্ধ কৰিবলৈ দাবী জনাই ।
প্ৰতিবাদত বিভিন্ন দল সমগঠনৰ কেবাশতাধিক পুৰুষ মহিলাই অংশ গ্ৰহণ কৰে ।
Facebook Comments