বৰ্ণাঢ্য কাৰ্যসূচীৰে হ’লীনেম বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ সফল সামৰণি

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং,১২ ফেব্ৰুৱাৰীঃ শিৱসাগৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান হ’লীনেম বিদ্যালয়ৰ আজি বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ সফল সামৰণি পৰে।

পুৱা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীকলে আমন্ত্ৰিত অতিথিসকলক আদৰণি জনাই।

কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখনি মুকলি সভা অনুষ্ঠিত কৰে।সভাত মুখ্য অতিথি হিচাপে শিৱসাগৰ জিলাৰ ক্ৰীড়া বিষয়া সজ্ঞয় উপাধ্যায়, বিশিষ্ট অতিথি হিচাপে বিশিষ্ট বিশিষ্ট চিকিৎসক ডাঃ বিভাশ শইকীয়া, সমাজকৰ্মী তথা অধিবক্তা দেৱজ্যোতি বৰুৱা, প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানটিত ভাগ লৈ শিৱসাগৰ জিলাৰ ক্ৰীড়া বিষয়াগৰাকীয়ে ছাত্ৰ- ছাত্ৰীসকলে প্ৰদৰ্শন কৰা বিভিন্ন কলা আৰু সাংস্কৃতিক কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে।

বিদ্যালয়ৰ অধ্যক্ষ বাৰ্থুলোমিও ভেংৰাই আদৰণি ভাষণ আগবঢ়োৱা সভাখনৰ যুটীয়াভাৱে আঁতধৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰাফিয়া আহমেদ আৰু মিতালী গগৈয়ে।

ইয়াৰ পিছতে অনুষ্ঠিত মাৰ্চ পাষ্ট, যোগ, বিহু, সত্ৰীয়া, জাতীয় সংগীত পৰিবেশনকে আদি কৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

বিভিন্ন কাৰ্যসূচীসমূহত আঁতধৰে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে দিলীপ কুমাৰ দাস,ৰুমি বৰুৱা ফুকন, সু্ৱৰ্না গগৈ শৰ্মা, নিভা গগৈ, ৰীতামণি ফুকন বড়া, অঞ্জনা গগৈ, ইনা ভূঞা দত্ত, স্বপ্নাৱলী ভট্ট ভাস্কৰ গগৈ, আদিয়ে।

উল্লেখ্য যে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সহযোগত হালধীয়া, নীলা, ৰঙা আৰু সেউজীয়া বিভিন্ন গৃহৰ আকাৰে পৰিৱেশ সংৰক্ষণ, কন্যা শিশুৰ সুৰক্ষা, খেল’ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আদিৰ সম্পৰ্কত প্ৰদৰ্শন কৰা বিভিন্ন আৰ্হিয়ে উপস্থিত সকলোকে আপ্লুত কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here