খেলুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ বঁটা বিতৰণী সভা সম্পন্ন

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ১২ ফেব্ৰুৱাৰীঃ ক্ৰীড়াই শিক্ষাৰ্থী শাৰীৰিক , মানসিক আৰু বৌদ্ধিক বিকাশত অৰিহণা যোগায়। বিদ্যালয়সমূহত গতানুগতিকভাৱে বাৰ্ষিক ক্ৰীড়া সপ্তাহত অনুষ্ঠিত কৰা হৈ আহিছে ইয়াৰ ব‍্যক্তিকম নহয় খেলুৱা উচ্চ মাধ‍্যমিক বিদ্যালয়ো।

সপ্তাহজোৰা ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি ৮ ফেব্ৰুৱাৰীত স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদেশ্যই বঁটা বিতৰণী সভাখন আয়োজন কৰা হয়।

মুকলি সভাৰ সভাপতি আসন অলংকৃত কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অতুল গগৈয়ে।

বিদ্যালয় শিক্ষক হোমেন বৰুৱা আৰু দ্ৰোণকান্ত ফুকনে আঁতধৰা সভাত উপস্থিত থাকে দিলীপ আৰন্ধৰা , গুনাৰাম আৰন্ধৰা, মুকুল বাইলুং, বিদ্যালয়খনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্র-ছাত্ৰী উপস্থিত থাকে।

বিদ্যালয়ৰ শিক্ষক পূৰ্ণেশ্বৰ চেতিয়া আৰু অনিল গগৈয়ে ছাত্র -ছাত্ৰী উদ্দেশ্য কৰি ক্ৰীড়া আৰু শিক্ষাৰ দিশত আগবাঢ়ি যাব পৰা পৰামৰ্শ আগবঢ়াই।

মুকুল বাইলুংৰ ভাষণত শিক্ষাৰ সফলতা আহৰণ কৰিবলৈ হ’লে মন শান্তি আৰু প্ৰবিত্ৰ কৰি ৰাখিবলৈ হলে আধ‍্যত্মিক দিশটো গুৰুত্ব দিয়া, অধ্যয়ন কৰাৰ প্ৰাক-ক্ষণত মনটো স্থিৰ কৰি ল’ব লাগে। তেতিয়া অধ্যয়ন কৰা বিষয়সমূহ মনত থাকে।

স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক মান-প্ৰত্ৰ আৰু একোখনি গ্ৰন্থ প্ৰদান কৰে।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে নিজা খৰচত শ্ৰেষ্ঠ খেলুৱৈসকলক গ্ৰন্থ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here