আজিৰে পৰা আৰম্ভ হ’ল ঐতিহ্যমণ্ডিত চিংফৌ জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘স্বপয়ং মানাও পয়ঃ দেশী-বিদেশীৰ বহু লোকৰ আগমন ঘটাৰ সম্ভাৱনা

0
1

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ১২ ফেব্ৰুৱাৰীঃ সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত হোৱা ‘স্বপয়ং মানাও পয়’ পোন প্ৰথমবাৰৰ বাবে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা অন্তৰ্গত ইনথেমত অনুষ্ঠিত কৰা হৈছে।

ইনথেম বৌদ্ধ বিহাৰৰ উৎসৱ স্থলী বৰ্তমান লোকে লোকাৰণ্য হৈ পৰিছে।

আজিৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই উৎসৱলৈ বুলি ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই লোকসকল উৎসৱ স্থলীত আহি উপস্থিত হৈছেহি।

মাৰ্ঘেৰিটা সমষ্টি বিধায়ক ভাস্কৰ শৰ্মাইয়ো উদযাপনৰ সকলো দিশ চোৱা চিতা কৰি আছে ।

অসমত প্ৰথমবাৰ বাবে অনুষ্ঠিত হোৱা এই উৎসৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপৰিও অসম আৰু অৰুণাচল প্ৰদেশৰ বহুকেইজন মন্ত্ৰী বিধায়ক উপস্থিত থাকিব বুলি উদ্যোগতা সমিতিৰ বিষয় ববীয়াই জানিবলৈ দিছে।

দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও চীন, ম্যানমাৰ, মালয়েচিয়া আদি কাষৰীয়া ৰাষ্ট্ৰকেইখনৰ পৰাও বহু সংখ্যক লোকে অহাৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে বুলি ব্যক্ত কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here