শিৱসাগৰৰ নাট্যকৰ্মী, অগপ নেতা সঞ্জীৱ ফুকনৰ মৃত্যুঃ শিৱসাগৰত শোকৰ ছাঁ

0
7

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৩ ফেব্ৰুৱাৰীঃ শিৱসাগৰ নগৰৰ পুৰণা আমোলাপট্টি নিৱাসী শিৱসাগৰৰ সদাব্যস্ত নাট্যকৰ্মী তথা অসম নাট্য সন্মিলন শিৱসাগৰ শাখাৰ প্ৰাক্তন সম্পাদক সঞ্জীৱ ফুকন(ককৈতি)ৰ প্ৰায় ৪৭ বছৰ বয়সত ১১ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৮-৩০ বজাত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷

পুৰণা আমোলাপট্টিৰ বিখ্যাত বৰপূজাৰী বংশৰ প্ৰয়াত নগেন বৰপূজাৰীৰ দ্বিতীয় পুত্ৰ সঞ্জীৱ ফুকন কিছুদিন ধৰি গুৱাহাটীৰ জিএনআৰচি, নেমকেয়াৰ আদি হস্পিতালত চিকিৎসাধীন হৈ আছিল৷

মৃত্যুৰ সময়ত ফুকনে পত্নী, দুগৰাকী বায়েক, ভিনিয়েক, ককায়েক-নবৌয়েক, ভাতৃ, ভাগিন-ভতিজীসহ এক বৃহৎ পৰিয়াল এৰি থৈ যায় ৷

উল্লেখযোগ্য যে সঞ্জীৱ ফুকন শিৱসাগৰ যুৱদল, নাট্য সন্মিলন, শিৱসাগৰ স্কাউট এণ্ড গাইড, অসামৰিক প্ৰতিৰক্ষা বিভাগ আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থকাৰ লগতে অসম গণ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সক্ৰিয় সদস্য আছিল৷

আনহাতে নাট্যকৰ্মীগৰাকীৰ মৃত্যুত জিলা অগপ, শিল্পী সমাজ-অসম শিৱসাগৰ জিলা সমিতি, সমন্বয় সাংস্কৃতিক গোষ্ঠী, শিৱসাগৰ যুৱদল, জিলা অসম নাট্য সন্মিলন, শিৱসাগৰ নাট্য সমাজ, বাৰোৱাৰী পূজা সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here