বিদ্যাকুঞ্জ জাতীয় বিদ্যালয়ৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

0
7

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ১৩ ফেব্ৰুৱাৰীঃ শিৱসাগৰ জিলাৰ বকতা, খামুনত ২০০৪ চনত প্ৰতিষ্ঠা লাভ কৰা অগ্ৰণী শিক্ষা অনুষ্ঠান ‘বিদ্যাকুঞ্জ জাতীয় বিদ্যালয়’ৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়ত অনুস্থিত হয়।

পুৱা ৮ বজাত ছাত্ৰ-ছাত্ৰী সমাৰোহে কাৰ্যসূচী আৰম্ভ কৰি পতাকা উত্তোলন, স্মৃতি তপৰ্ণ, বৃক্ষৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, প্ৰাচীৰ পত্ৰিকা উন্মোচন, চিত্ৰ প্ৰদৰ্শনী আদি কাৰ্যসূচী সমাপন হয়।

দিনৰ ১১-৩০ বজাত গিৰিণ শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুস্থিত হয়।

সভাত বিশিষ্ট অতিথি হিচাবে ড° সুধীৰ কুমাৰ দাস- অধ্যক্ষ চায়েন্স একাডেমী ডিমৌ, অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ নিতাই মহাবিদ্যালয়, ডম্বিধৰ টায়ে- শৈক্ষিক পৰামৰ্শ দাতা, চিত্ৰ-ভাষ্কৰ্য শিল্পী ৰিদিপ বৰুৱা, হাঁহচৰা প্ৰেছ ক্লাৱৰ সম্পাদক তথা অধিবক্তা দেৱজ্যোতি বৰুৱা, কবি, সাহিত্যিক পংকজ শইকীয়াকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।

প্ৰতিষ্ঠা দিৱসৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে বিদ্যালয়ৰ ছাত্ৰ আকাশ প্ৰতীম শেনছোৱা সম্পাদনাত ‘অংকুৰণ’ নাম কৰণে এখন মুখপত্ৰ প্ৰকাশ কৰে।

অংকুৰণ উন্মোচন কৰে ডম্বিধৰ টায়ে। সভাখনিত ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here