চামগুৰিত পথ দুৰ্ঘটনাত যোৰহাটৰ ডিএছপি আহত

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৩ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত হাঁহচৰা বৰালী গাৱঁৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আজি সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত যোৰহাটৰ এপি আৰঅ’ ডিএছপি প্ৰীতম কুমাৰ দাসৰ সহ তেওঁৰ পৰিয়ালৰ এগৰাকী মহিলা আহত হয়৷

জানিব পৰা মতে, গুৱাহাটীৰ পৰা যোৰহাটৰ অভিমুখে আহি থকা এএছ ০৩ ভি ৬১৪১ নম্বৰৰ বলেৰ’ গাড়ীখন হাঁহচৰা বৰালী গাৱঁৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সাতমান বজাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে৷

পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত লোক দুজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here