গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ড°প্ৰবীন ভাই টোগৰীয়াৰ সংবাদমেল

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১৩ ফেব্ৰুৱাৰীঃ বাংলাদেশী হিন্দুৰ বোজা অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষই গ্ৰহণ কৰক ।

ৰাজ্যত কা বিৰোধী আন্দোলন জোৰদাৰ ৰুপত চলি থকা সময়তে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ড° প্ৰবীন ভাই টোগৰীয়াই নাগৰিকত্ব সংশোধনী আইন ২০১৯সন্দৰ্ভত কয় বাংলাদেশী হিন্দুসকলৰ সংস্থাপন অকল অসমে কিয় গ্ৰহণ কৰিব৷

অসমৰ লগতে দেশৰ অন্যান্য ৰাজ্যসমূহে গ্ৰহণ কৰাবলৈ কেন্দ্ৰীয় চৰকাৰে বাধ্য কৰাব লাগিব৷

গুজৰাট, মহাৰাষ্ট্ৰ, পাঞ্জাৱৰ লগতে অন্য ৰাজ্যসমূহে বাংলাদেশী হিন্দুৰ বোজা গ্ৰহণ কৰক৷

ইয়াৰ বাবে অসমবাসী ৰাইজক আহ্বান জনায় টোগৰীয়াই কয় অসমৰ জনসাধাৰণে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাব লাগিব৷

আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত ড° প্ৰবীন ভাই টোগৰীয়াই লগতে কয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আফগানিস্থানক হাজাৰ হাজাৰ কৌটি টকা আৰ্থিক সাহয্য আগবঢ়াব পাৰে ’ কিন্তু হিন্দু বাংলাদেশী সংস্হাপনৰ বাবে দেশৰ অন্যান্য ৰাজ্যসমূহক আৰ্থিক সাহায্য প্ৰদান কৰি এই সমস্যাটোৰ কিয় সমাধান কৰিব নোৱাৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশ্ন উত্থাপন কৰে৷

উল্লেখযোগ্য যে সংবাদমেলখনত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ কেইবাজনো ৰাজ্যিক প্ৰৰ্যায়ৰ নেতা উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here