অভিলেখ সৃষ্টি কৰি ৰাজকুমাৰী’ৰ অডিচনত অংশগ্ৰহণ কৰিলে দহ শতাধিক শিল্পীয়ে

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা নজৰুল হক, ১৩ ফেব্ৰুৱাৰীঃ ‘কাঞ্চনজঙ্ঘা’ আৰু ‘ৰত্নাকৰ’ৰ পাছত অসমীয়া ছবিজগতলৈ আহি আছে আন এখন বিগ বাজেটৰ অসমীয়া ছবি ‘ৰাজকুমাৰী’ ।

ৰাজকুমাৰী’ৰ প্ৰযোজনা যুৱ প্ৰযোজক গুণজিত বৰ্মনৰ আৰু পৰিচালনা জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ।

হীৰামণি প্ৰডাকচনৰ বেনাৰত আহিবলগীয়া ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অভিজিত ভট্টাচাৰ্য্যৰ।

‘ৰত্নাকৰ’ৰ যোগেৰে ছবিজগত চিত্ৰনাট্যকাৰ ৰূপে আত্মপ্ৰকাশ কৰা অভিজিৎ ভট্টাচাৰ্য্যৰ এয়া দ্বিতীয়খন ব্যয়বহুল অসমীয়া ছবি।

ৰাজকুমাৰী’ৰ সংগীত পৰিচালনা অজয় ফুকনৰ।

নামভূমিকাত প্ৰস্তুতি পৰাশৰৰ উপৰিও ছবিখনৰ বাবে ইতিমধ্যে চুক্তিবদ্ধ হৈছে ছবিজগতৰ জনপ্ৰিয় ৰোমান্টিক যুটী উৎপল দাস আৰু ৰিম্পী দাস।

লগতে দেখিবলৈ পাব ছবিজগতৰ দুৰ্দান্ত অভিনয় শিল্পী অৰুণ নাথ, অপৰ্ণা দত্ত চৌধুৰী , খঞ্জন নাথ, কুকিল (ৰেক্স), প্ৰীতম বৰুৱা, গিৰিজা শৰ্মা, অৱতোষ ভূঞা, সুকুমাৰ বৰ্মন আদি।

ৰাজকুমাৰী’ৰ জৰিয়তে ছবিজগতৰ প্ৰথম খোজ পেলোৱা যুৱ অভিনেতা সুকুমাৰ বৰ্মন ভ্ৰাম্যমাণ মঞ্চ জগতৰ এগৰাকী সুদক্ষ অভিনেতা।

ছবিখনৰ বহুকেইটা চৰিত্ৰত কিছু নতুন মুখক সুযোগ দিয়াৰ প্ৰচেষ্টাৰে ইতিমধ্যে নতুন প্ৰতিভাৰ সন্ধানত নামি পৰিছে প্ৰযোজক- পৰিচালক।

সেই উদ্দেশ্য আগত ৰাখি যোৱা ৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ৰাজগড়স্থিত মা’ ষ্টুডিঅত এক audition প্ৰক্ৰিয়াৰে বহু শিল্পীক সাক্ষাৎ কৰিলে ৰাজকুমাৰী’ৰ প্ৰযোজক-পৰিচালকে।

শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীয়ে অংশগ্ৰহণ কৰে এই audition ত।

ৰাতিপুৱা ৬ বজাৰ পৰা নিশা ১১ বজালৈ চলা এই auditon প্ৰক্ৰিয়াত অংশ ল’লে দহ শতাধিক শিল্পীয়ে।

যিটো অসমীয়া ছবিজগতৰ বাবে এক ইতিবাচক দিশ বুলি কব পাৰি। কিয়নো অসমীয়া ছবিৰ বাবে প্ৰায় এহেজাৰ শিল্পী একেলগে উপস্থিত হৈ এনেকুৱা audition ত অংশ লোৱা কোনো বাৰ্তা ইয়াৰ পূৰ্বে ক’তো দেখা যোৱা নাছিল।

এই audition ৰ পৰাই ছবিখনৰ বাবে প্ৰয়োজনীয় শিল্পীবৃন্দক সুযোগ দিয়াৰ উপৰিও যিসকল শিল্পীয়ে নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ’ব, সেইসকল শিল্পীক ভৱিষ্যতে হীৰামণি প্ৰডাকচনতেই হওঁক বা প্ৰস্তুতি পৰাশৰৰ প্ৰডাকচনতেই হওঁক নাইবা ভ্ৰাম্যমাণ থিয়েটাৰকে আদি কৰি যিকোনো মাধ্যমত সুযোগ প্ৰদানৰ চেষ্টা কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

‘ৰাজকুমাৰী’ ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব অহা এপ্ৰিল মাহৰ মাজভাগৰ পৰা।

ভাৰতবৰ্ষৰ ভিন্ন লোকেচনত দৃশ্যগ্ৰহণ হ’বলগীয়া ছবিখনৰ গীতসমূহত কণ্ঠ নিগৰাব অসমবাসীৰ হাৰ্টথৱ জুবিন গাৰ্গৰ লগতে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল, সুনিধি চৌহানৰ উপৰিও বহু জনপ্ৰিয় শিল্পীয়ে।

ছবিখনৰ এক্সনৰ দৃশ্যসমূহক পৰিচালনা কৰিবলৈ দাক্ষিণাত্যৰ পৰা আহিব এক্সন প্ৰশিক্ষক।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here