প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰাঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাঘবৰালিস্থিত ৰে’ল লাইন গেটৰ ওচৰতে এগৰাকী লোকে আজি চাপৰমুখৰ পৰা শিলঘাট অভিমুখী চেন্নাই পেছেঞ্জাৰ ট্ৰেইনৰ খুন্দাত মৃত্যুক আকোৱালি লোৱা ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।
নিহত লোকজন চামগুৰি অঞ্চলৰ বাঘবৰালি গাঁৱৰ বগাৰাম ৰাভা(৭৫) বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্যমতে, আজি পুৱা প্ৰায় আঠমান বজাত চেন্নাই পেছেঞ্জাৰ ৰে’লখন চাপৰমুখ ৰে’ল জংচনৰ পৰা শিলঘাট অভিমুখে গৈ থকা অৱস্থাত চামগুৰিৰ বাঘবৰালিস্থিত ৰে’ল লাইন গেটৰ কাষতে বগাৰাম ৰাভা নামৰ লোকজনক কাটি নিহত কৰে।
পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে যদিও ৰে’ল আৰক্ষী বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চামগুৰি আৰক্ষীৰ পৰা চমজি লৈ মৰণোত্তৰ পৰীক্ষা বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।
আনহাতে স্থানীয় একাংশ লোকে বৃদ্ধ গৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে পৰিয়ালৰ একাংশই ঔষধ আনিবলৈ যাওঁতে ঘটনাটো সংঘটিত হোৱা বুলি দাবী কৰা পৰিলক্ষিত হয়।
ৰে’ল আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য উদ্ঘাটন হ’ব বুলি চামগুৰি সচেতন মহলে ধাৰণা কৰিছে।