১৫ ফেব্ৰুৱাৰীত গোলাম মুৰ্তাজা আহমেদৰ স্মৃতিচাৰণসভা

0
14

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ ছয়বছৰীয়া অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা, মাধ্যম আন্দোলনৰ নেতৃত্ববহনকাৰী সদৌ অসম ছাত্ৰ সন্হাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰাক্তন সন্মিলনৰ মুখ্য উপদষ্টা, সদ্যপ্ৰয়াত প্ৰাক্তন ছাত্ৰ নেতি গোলাম মুৰ্তাজা আহমেদ(মিচবা)ৰ এখন স্মৃতিচাৰণ সভা ১৫ ফেব্ৰুৱাৰীৰ আৱেলি ৩ বজাত মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ’ব৷

প্ৰাক্তন সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া সভাখনত তেখতৰ কৰ্মৰাজি স্মৃতিচাৰণ কৰিবলৈ প্ৰয়াত আহমেদৰ বাল্য বন্ধু প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মা, ডাঃ শ্মামল কলিতা, অধিবক্তা নেকুবুৰ জামান আৰু অধিবক্তা গিৰিণ ঠাকুৰীয়াৰ উপৰিও হাইদৰ হুইছেন, সংগ্ৰামী সতীৰ্থ বিধায়ক অতুল বৰা, প্ৰাক্তন সাংসদ ৰমেন ডেকা, সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন কলিতা, মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ মহন্ত, সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু তেখেতৰ পৰিয়ালৰ সদস্য মহাবিদ্যালয় শিক্ষক, ছাত্ৰ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শুভাকাংক্ষী উপস্থিত থাকিব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here