লংকাত সংঘটিত হৈছে বাইক চুৰিৰ এক চাঞ্চ্যলকৰ ঘটনা

0
7

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৪ ফেব্ৰুৱাৰীঃ হোজাই জিলাৰ লংকাত অব্যাহত আছে বাইক চুৰৰ টিঘিলঘিলনী।

বিগত দিনসমূহত চহৰখনৰ মাজমজিয়াৰ পৰা নিশাৰ ভাগত চোৰে কৌশলেৰে চুৰি কৰি লৈ যায় কেবাখনো বাইক।

ঠিক একেদৰে লংকাত সংঘটিত হৈছে এক চাঞ্চ্যলকৰ চুৰিৰ ঘটনা!

লংকাৰ ইছলামবস্তিৰ প্ৰেট্ৰল পাম্পৰ সমীপৰ এঘৰৰ পৰা চোৰে লৈ যায় এখন R15 বাইক।

চুৰি হোৱা বাইকখনৰ মূল্য হ’ব প্ৰায় ডেৰ লক্ষাধিক টকা।

চুৰি হোৱা বাইকখনৰ নম্বৰ AS-02-V-8016 । বাইকখনৰ সত্বাধিকাৰীজনৰ নাম আজাৰ উদ্দিন আহমেদ বুলি জানিব পৰা গৈছে।

ইতিমধ্যে চোৰে চুৰি কৰি বাইকখন লৈ যোৱাৰ কেবাটাও দৃশ্য বন্দী হৈছে চহৰখনৰ বিভিন্ন স্থানত সংস্থাপন কৰা কেবাটাও চি চি টিভি কেমেৰাত।

ইতিমধ্যে লংকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। এতিয়া এই ঘটনাৰ পাছতেই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here