শিৱসাগৰ জিলা জাতীয় বিদ্যালয় সমন্বয় সন্থাৰ সৌজন্যত বাৰ্ষিক ক্ৰীড়া সমাৰোহ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ১৪ ফেব্ৰুৱাৰীঃ শিৱসাগৰ জিলা জাতীয় বিদ্যালয় সমন্বয় সন্থাৰ সৌজন্যত বাৰ্ষিক ক্ৰীড়া সমাৰোহ দুদিনীয়াকৈ ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত ৰঙাবাম জাতীয় বিদ্যালয়ৰ খেল পথাৰত অনুস্থিত হৈছে৷

জিলাখনৰ মুঠ ১৪ খন জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই সমাৰোহত প্ৰতিখন বিদ্যালয়ৰ অধ্যক্ষই বিদ্যালয়ৰ পতাকা আৰু সন্থাৰ উপ সভাপতি অতুল ৰাজকোৱঁৰে মূল পতাকা উত্তোলন কৰে৷

১৪ ফেব্ৰুৱাৰীত প্ৰতিখন বিদ্যালয়ে মাৰ্চপাষ্ট প্ৰদৰ্শন কৰাৰ পাছত চিত্ৰাংকন আৰু বিভিন্ন খেল প্ৰতিযোগিতা অনুস্থিত হয়৷

আবেলি চূড়ান্ত বিজয়ী প্ৰতিযোগীসকলক বটা প্ৰদান কৰা হয়৷

১৪ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা সাংস্কৃতিক কাৰ্যসূচী অনুস্থিত হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here