হোজাই জিলাৰ লংকাৰ কাকীত একশৰণ ভাগৱতী সমাজৰ পালনামৰ সফল সামৰণি

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৭ ফেব্ৰুৱাৰীঃ হোজাই জিলাৰ লংকাৰ কাকীত যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বাৰ্ষিক পালনাম আৰু অধিবেশনৰ দেওবাৰে সফল সামৰণী পৰে৷

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পঁচিশ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত ভাগৱত শোভাযাত্ৰা,মহাপালনাম, গুণমালা, সাংস্কৃতিক অনুষ্ঠানকে ধৰি কেইবাও কাৰ্যসূচী ৰুপায়ণ কৰা হয়৷

বাৰ্ষিক পালনাম আৰু অধিবেশন উপলক্ষে আয়োজন কৰা ধৰ্মালোচনী সভা আৰু ধৰ্মগ্ৰন্থ উন্মোচনী সভা খনত সভাপতিত্ব কৰে সদৌ অসম একশৰণ ভাগৱতী সমাজৰ শৰণাচাৰ্য্য কুষেশ্বৰ দাস আতায়ে৷

সভাত উপস্থিত থাকি একশৰণ বাগৱতী সমাজৰ কেইবাগৰাকী বক্তাই বক্তব্য ৰাখে৷

উক্ত সভাতেই বুঢ়াআতা শিৱসাগৰৰ বীৰেষ হাজৰীকাৰ দ্বাৰা ইলাৰাম দাস আতাৰ জীৱনৰ ওপৰত লিখিত জীৱন চৰিত নামৰ ধৰ্মগ্ৰন্থখন উন্মোচন কৰা হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here