বিশিষ্ট ক্ৰীয়া সংগঠক, শিক্ষাবিদ প্ৰসন্ন বৰুৱাৰ মৃত্যু দল-সংগঠনৰ শোক

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৭ ফেব্ৰুৱাৰীঃ শিৱসাগৰ নগৰৰ শংকৰ মন্দিৰ পথৰ নিৱাসী বিশিষ্ট ক্ৰীয়া সংগঠক, শিৱসাগৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা শিল্পী প্ৰসন্ন বৰুৱাৰ প্ৰায় ৭৮ বছৰ বয়সত ১৫ ফেব্ৰুৱাৰীৰ সন্ধ্যা বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি হয়৷

তেওঁ শিৱসাগৰ নাট্য সমাজৰ প্ৰাক্তন সম্পাদক হোৱাৰ উপৰিও অসম নাট্য সন্মিলন, শিৱসাগৰ শাখাৰ প্ৰাক্তন সভাপতি আছিল৷

মৃত্যুৰ সময়ত বৰুৱাই পত্নী, দুজন পুত্ৰ, একমাত্ৰ নাতি, দুগৰাকী ভাতৃসহ বহু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ গৈছে৷

সন্ধ্যা শিৱসাগৰ নাট্য মন্দিৰ প্ৰাংগণত শিৱসাগৰ নাট্য সমাজ, নাট্য সন্মিলন শিৱসাগৰ শাখা, শিৱসাগৰ ক্ৰীয়া সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিক্ষাবিদগৰাকীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

শিল্পীগৰাকীৰ মৃত্যুত শিৱসাগৰত শোকৰ ছাঁ পৰিছে৷

আনহাতে শিৱসাগৰ ক্ৰীয়া সন্থাৰ অবিচ্ছেদ্য অংগ প্ৰসন্ন বৰুৱাৰ মৃত্যুত শিৱসাগৰ জিলা শিল্পী সমাজ-অসম, সমন্বয় সাংস্কৃতিক গোষ্ঠী, অসম নাট্য সন্মিলন শিৱসাগৰ শাখা, বাৰোৱাৰী পূজা সমিতি, জংগম ক্লাব, জিলা বিজেপি, জিলা কংগ্ৰেছ, সাধাৰণ জাতি বিকাশ পৰিষদ, মিলিত শিল্পী সমাজ, শিৱসাগৰ নাগৰিক সন্থা, শিৱসাগৰ নৱজ্যোতি সাংস্কৃতিক সংঘ আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here