চামগুৰিৰ গেৰুৱাআটিত সুগৰি পহু উদ্ধাৰ

0
2

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৮ ফেব্ৰুৱাৰীঃ নগাওঁ জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ আৰু খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাআটি অঞ্চলত আজি পুৱা এটা সুগৰি পহু উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত উৎকণ্ঠা সৃষ্টি হয় ৷

জানিব পৰা মতে, খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাআটি অঞ্চলৰ কটিয়াআটি গাৱঁৰ পথাৰত আজি পুৱা স্থানীয় লোকে এটা সুগৰি পহু প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে সুগৰি পহুটো উদ্ধাৰ কৰি খাটোৱাল আৰক্ষী থানাৰ আৰক্ষীৰ হাতত গতাই দিয়ে৷

পৰৱৰ্তী সময়ত খাটোৱাল আৰক্ষী থানাৰ আৰক্ষীয়ে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলৰ হাতত চমজাই দিয়ে৷

পৰৱৰ্তী সময়ত শালনা বন বিভাগে উক্ত সুগৰি পহুটো উত্তৰ ডিজু সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here