চামগুৰিৰ ৰঙাগড়াত দিনতে লুটি নিলে আ-অলংকাৰ নগদ ধন

0
10

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৮ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া অঞ্চলত আজি দুজন লোকৰ ঘৰত চুৰি কাণ্ড সংঘটিত হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া অঞ্চলৰ যুক্তি বৰুৱা আৰু নিৰোধ কুমাৰ বৰা নাম লোক দুজনৰ ঘৰত আজি কোনো লোক নথকাৰ সুবিধা গ্ৰহণ কৰি দিনৰ প্ৰায় ১০-৩০ মান বজাত এটা চোৰৰ দলে প্ৰৱেশ কৰি আ- অলংকাৰৰ লগতে নগদ ধন লুটি নিয়ে৷

জানিব পৰা মতে, যুক্তি বৰুৱা নামৰ লোকজনৰ ঘৰৰ পিছফালৰ দৰ্জা ভাঙি সোণৰ গহনাৰ লগতে নগদ প্ৰায় ১০ হাজাৰ টকা লুটি নিয়াৰ লগতে নিৰোধ কুমাৰ বৰাৰ ঘৰৰ পিছফালৰ খিৰিকী ভাঙি সোণ-ৰূপৰ গহনাৰ লগতে নগদ প্ৰায় ৩৫ হাজাৰ টকা চোৰৰ দলটোৱে লুটি নিয়ে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ উক্ত ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে উক্ত ঘটনাৰ লগত জড়িত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here