কমাৰগাঁও মহাবিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিঙৰ অনুষ্ঠান

0
25

প্ৰাগজ্যোতিষ বাৰ্তা,কমাৰগাঁও, ১৯ ফেব্ৰুৱাৰীঃ ১৮ ফেব্ৰুৱাৰী তাৰিখে কমাৰগাঁও মহাবিদ্যালয়ৰ কেৰিয়াৰ পৰামৰ্শ আৰু তত্ববধায়ক কোষৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ (IQAC ) ৰ সহযোগত স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ কেৰিয়াৰ তথা ভৱিষ্যতৰ জীৱিকা আৰ্জনৰ উপায় শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হয় ৷

অসমৰ প্ৰতিস্হিত ‘কেৰিয়াৰ পৰামৰ্শদাতা’ তথা তেজপুৰ স্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে সমল ব্যক্তি হিচাবে উপস্হিত থাকে৷

কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজুলী বৰচেতিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেৰিয়াৰ সজাগতা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ আই,কিউ,এ,চি, চেলৰ অন্যতম সদস্য তথা ক্ষেত্ৰ পৰীক্ষণ কেন্দ্ৰৰ মহকুমা কৃষি বিষয়া অলকানন্দ কাকতিয়েও অংশ গ্ৰহণ কৰে ৷

অনুষ্ঠানত আই,কিউ,এ,চি, চেলৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক অঞ্জন শইকীয়াই ড° বুলজিৎ বুঢ়াগোহাঁইৰ ব্যক্তিগত পৰিচয় আৰু কাৰ্যাৱলীৰ বিষয়ে এটা প্ৰতিবেদন আগ বঢ়ায়৷

সহকাৰী অধ্যাপক নিতুল কুমাৰ বৰাই অনুষ্ঠানৰ আৰম্ভনী কৰে৷ আজিৰ অনুষ্ঠানত কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে ছাত্ৰ ছাত্ৰীসকলে কিদৰে কৰ্মসংস্হান লাভৰ বাবে আগবাঢ়িব লাগিব, এ.পি.এছ.ছি., ইউ.পি.এছ.ছি. ষ্টাফ চিলেকচন আদিৰ পৰীক্ষা দিব, ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা কি ইত্যাদিৰ ওপৰত আলোকপাত কৰে ৷

কেৰিয়াৰ গুৰুজনে চৰকাৰী, বেচৰকাৰী খণ্ড তথা স্বনিয়োজনৰ বিভিন্ন উপায়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিয়ে ৷

ড° বুলজিৎ বুঢ়াগোহাঁয়ে লগতে জনায় যে প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত ফোনযোগেও কেৰিয়াৰ পৰামৰ্শ ল’ব পাৰিব৷

এগৰাকী ছাত্ৰীৰ কৃষিৰ প্ৰতি আগ্ৰহ আৰু সেইসম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়ে মহকুমা কৃষি বিষয়া অলকানন্দ কাকতিয়ে৷

অনুষ্ঠানটোত কেৰিয়াৰ কাউন্সেলিঙ কোষৰ সমন্বয়ক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰবীন হাজৰিকাই সক্ৰিয় সহযোগ আৰু অংশগ্ৰহণ কৰে ৷

মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষক তথা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ৷ শলাগৰ শৰাই আগবঢ়ায় ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° গায়ত্ৰী বৰাই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here