চামগুৰি উদমাৰীত চোৰাং বগা শিলৰ ট্ৰাক জব্দ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৯ ফেব্ৰুৱাৰীঃ নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰীত যোৱা নিশা নগাঁও সদৰৰ বন বিভাগে অভিযান চলাই চোৰাং বগা শিলৰ সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

বন মাফিয়াৰ দপদপনি পোহৰলৈ অহাত সমগ্ৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰচুৰ মূল্যবান খনিজেৰে সমৃদ্ধ চামগুৰি আৰু কাৰ্বিআংলং সীমাৰ পাহাৰৰ এতিয়া নিশা চলে মূল্যবান কোৱাৰ্টজৰ(বগা শিল) ৰমৰমীয়া ব্যৱসায়।

জানিব পৰা মতে নগাওঁ জিলাৰ ডি এফ অ ৰাজেন চৌধুৰীৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিক নগাঁও বন সংৰক্ষণ বিভাগৰ বন বিষয়া আনন্দ কাকতি আৰু হেমন্ত শইকীয়াৰ সহযোগত যোৱা নিশা উদমাৰীত অভিযান চলাই এ এছ  ০১ ই চি ২৪৬৬ নম্বৰৰ বগা শিল ভৰ্তি ট্ৰাক এখন জব্দ কৰে যদিও গাড়ীখনৰ চালক আবু অসাধু ব্যৱসায়ী আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলাই সাৰে।

এই চোৰাং বগা শিলখিনিৰ মূল্য দহ লক্ষাধিক বুলি বন বিভাগে অনুমান কৰিছে।

চোৰাং শিলখিনি কাৰ্বি আংলং জিলাৰ পানীমুৰ অঞ্চলৰ পৰা অনা হৈছিল আৰু অৰুণাচলৰ ভালুকপুঙলৈ বুলি নি আছিল বুলি বন বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে । 

মূল্যবান বগা শিল টাইলচ নিৰ্মাণত ব্যবহাৰ হয় বুলি জানিব পৰা গৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here