আদিবাসীসকলৰ বিভিন্ন সমস্যাৰ দাবীত ‘আছা’ৰ বিশাল গণসমাবেষ

0
14

প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ১৯ ফেব্ৰুৱাৰীঃ অসমত বসবাস কৰা আদিবাসীসকলৰ জনজাতিকৰণৰ লগতে বিভিন্ন সমস্যাৰ দাবীত যোৱা কালি আছা ওদালগুৰি জিলা সমিতি আৰু মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত মাজবাট ৰাজীৱ গান্ধী ক্ৰিয়া প্ৰকল্প প্ৰাংগণত এখন বিশাল গণসমাবেষ অনুষ্ঠিত হয়।

গণসমাবেষত উপস্থিত থাকি আছাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগে কয় যে আমাৰ দুখীয়া জনসাধাৰণ তথা চাহ শ্ৰমিক সকলক বিজেপি, বি পি এফ আৰু এ জি পি মিত্ৰযোত চৰকাৰখনে বিনামূলীয়া চাউল, চেনীৰ প্ৰলোভন দি মূল বিষয় জনজাতিকৰণ, চাহ শ্ৰমিকৰ ৩৫০ মজুৰি আদি বিষয়ৰ পৰা ফালৰি কাটিছে।

কিন্তু আমাৰ এই নিৰীহ জনসাধাৰণ তথা চাহ শ্ৰমিক সকলক এনেকৈ যুগ যুগ ধৰি আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি থাকিলে আমি আৰু হাত সাৱটি বহি নাথাকো।

এতিয়া আমি আমাৰ প্ৰাপ্যৰ বাবে গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ। চৰকাৰে আমাৰ কথা নুশুনিলে পৰবৰ্তী সময়ত আদিবাসী সমাজে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি তীব্ৰ ক্ষোভ উজাৰে।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সভাখনত অঞ্চলটোৰ প্ৰায় পাছ সহস্ৰাধিক আদিবাসী পুৰুষ-মহিলাই বিজেপি গ’বেক, বি পি এফ গ’বেক, ন’ এছ টি, ন’ ৰেষ্ট, আৱাৰ ডিমাণ্ড লিগেল ডিমাণ্ড আদি শ্ল’গান লিখা প্লে’কাৰ্ড হাতে হাতে লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পিছতে আদিবাসী সকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা দিয়া, বি টি আৰ ত আদিবাসীসকলৰ ভূমিকে আদি কৰি সকলো অধিকাৰ সুৰক্ষিত কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা আদি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ মাজবাট ৰাজহ চক্ৰ ধৃতিমান দাসৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here