নীলবাগান আৰক্ষীয়ে মুকলিকৈ ধন সংগ্ৰহ কৰা নিৰ্লজ্জ কাণ্ড ভাইৰেল ছ’চিয়েল মিডিয়াত

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২২ ফেব্ৰুৱাৰীঃ পুনৰ অসম আৰক্ষীৰ মুকলিকৈ ধন লোৱাৰ দৃশ্য ভাইৰেল ছ’চিয়েল মেডিয়াত।

এইবাৰ হোজাই জিলাৰ নীলবাগান যান-বাহন আৰক্ষীৰ মুকলিকৈ ধন লোৱাৰ লজ্জাজনক দৃশ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মেডিয়াত।

আজি ৰাতিপুৱাৰ এই দৃশ্য বন্দী হৈছে মবাইল কেমেৰাত।নীলবাগান অ’ভাৰ ব্ৰীজৰ তলত ট্ৰাকৰ পৰা এইদৰে সংগ্ৰহ কৰি আহিছে বৃহৎ পৰিমানৰ ধন।

দৈনিক ট্ৰাকৰ পৰা এইদৰে মুকলিকৈ ধন সংগ্ৰহ কৰে যান-বাহন আৰক্ষীয়ে।ম’বাইলত বন্দী হৈছে আৰক্ষীয়ে ট্ৰাকৰ পৰা মুকলি ধন সংগ্ৰহ কৰাৰ দৃশ্য।

ৰাজপথত এইদৰে বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰি আহিছে একাংশ ঘোচখোৰ আৰক্ষীয়ে।

প্ৰতিদিনে ট্ৰাকৰ পৰা অবৈধভাৱে এইদৰে সংগ্ৰহ কৰি আহিছে ধন।

বিগত সপ্তাহত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘতিত হোৱা নীলবাগান আউটপ’ষ্টৰ সন্মুখতে নীলবাগান আউটপ’ষ্টটোৰ আৰক্ষীয়ে দ্ৰুতবেগী ট্ৰাকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ নিৰ্লজ্জ কাণ্ড ভাইৰেল ছ’চিয়েল মিডিয়াত।

জনতাৰ সুৰক্ষাৰ পৰিৱৰ্তে অবৈধ ধন সংগ্ৰহত ব্যস্ত অসম আৰক্ষীৰ কিছুসংখ্যক, এয়াই নেকি অসমৰ স্মাৰ্ট পুলিচৰ চৰিত্ৰ? কাণ্ড দেখি স্তম্ভিত সাধাৰণ জনতাৰ প্ৰশ্ন এয়া।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here