কঠাল বাৰীত দশম বাৰ্ষিক শিৱ পূজা উদযাপন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰী,২২ফেব্ৰুৱাৰীঃ নলবাৰী জিলাৰ ঐতিহাসিক কথালবাৰী কদমতলাত বিগত বছৰৰ দৰে এই বেলিও ২১ ফেব্ৰুৱাৰী শুক্ৰবাৰে ১০ বাৰ্ষিক শ্ৰীশ্ৰী শিৱ পূজা উদযাপন কৰা হয়।

পূজা উদযাপন সমিতিৰ সভাপতি জোন্তী ৰাজবংশীয়ে পূজাৰ ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতে বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা, আয়তীৰ নাম আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

আনহাতে উদয়ীমান লেখিকা মনীষা শৰ্মাই সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ পিছতে পূজাৰ মাংগলিক কাৰ্য আৰম্ভ হয়।

অনুষ্ঠানত জনপ্ৰিয় গায়িকা প্ৰাৰ্থনা বৰঠাকুৰে গীত পৰিবেশন কৰাৰ লগতে নিশাৰ ভাগত উৰ্মিলা দাসে নাম পৰিবেশন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here