কাকীত চৰকাৰী শিক্ষকৰ আজৱ কাণ্ডঃ চৰকাৰী নিৰ্দেশক অমান্য কৰি নিজ ইচ্ছাত বিদ্যালয় চলাই প্ৰধান শিক্ষকে

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২২ ফেব্ৰুৱাৰীঃ হোজাই জিলাৰ লংকা শিক্ষা খণ্ডৰ অন্তৰ্গত কাকী ডিমৰু পথাৰ অঞ্চলৰ চেৰহেদি প্ৰাথমিক বিদ্যালয়, আদৰ্শ গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে শিবৰাত্ৰি উপলক্ষে নিজ ইচ্ছাৰে বন্ধ ৰাখিছে বিদ্যালয়।

এইক্ষেত্ৰত আদৰ্শ গাঁও প্ৰাথমিক বিদ্যালয়ত সাংবাদিক উপস্থিত হৈ প্ৰধান শিক্ষক দামোদৰ নাথক লগ কৰিবলৈ চেষ্টা কৰে যদিও প্ৰধান শিক্ষকগৰাকীয়ে বিভিন্ন অজুহাতত সাংবাদিকৰ সন্মুখীন হোৱাৰ পৰা বিৰত থাকে। সাংবাদিকৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপত বিভিন্ন ধৰণৰ তুলুঙা মন্তব্য কৰাহে পৰিলক্ষিত হয়।

লগতে এই ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষৰ লগতো যোগাযোগ কৰাত তেওঁলোকেও একেই তুলুঙা মন্তব্যৰে নিজে দায় সৰাৰ চেষ্ট কৰে।

 

যি সময়ত অভিভাৱকসকলে নিজৰ ল’ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ৰ পৰিবৰ্তে ব্যক্তিগত বিদ্যালয়ত পঢ়োৱাৰ ফালে ঢাপলি মেলিছে, তেনে সময়ত চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ এনে কৰ্মকাণ্ডই সঁচাই চৰকাৰী শিক্ষা ব্যৱস্থাক লজ্জিত কৰিছে।

যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি আৰু স্থানীয় হোজাই জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ক্ষেত্ৰত চৰকাৰী তদন্ত দাবী কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here