ইণ্ডিয়ান অইলৰ ৰাজ্যিক মহাপ্ৰবন্ধকৰ কাৰ্যভাৰ গ্ৰহণঃ ৰাজ্যত শীঘ্ৰেই ১৫০ তেল ডিপোৰ অনুমতি প্ৰদান কৰা হ’ব, ৪০০ কৌটি টকা ব্যায়ৰে দ্বীপোসমূহৰ চালি নিৰ্মাণ কৰাৰ প্ৰস্তুতি হাতত লৈছে ইণ্ডিয়ান অইলে -জি ৰমেশ

0
7

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২৫ ফেব্ৰুৱাৰীঃ ইন্ডীয়া অইলৰ ৰাজ্যিক মহাপ্ৰবন্ধক হিচাপে জি ৰমেশে অলপতে দায়িত্ব গ্ৰহণ কৰি অসমৰ পেট্ৰল পাম্পসমূহৰ বাবে কেইবাটাও পদক্ষেপ হাতত লৈছে৷

অহা এবছৰৰ ভিতৰত ৰাজ্যত ১৫০ টা নতুন পেট্ৰল পাম্প স্হাপনৰ অনুমতি প্ৰদানৰ সিদ্ধান্ত লৈছে ইণ্ডিয়ান অইলে৷

ৰাজ্যত যিবিলাক পেট্ৰল পাম্পৰ টিন চালি নাই সেইবোৰ পাম্পৰ টিন চালিৰ বাবদ ৪০০কৌটি টকা ব্যয়েৰে টিনৰ চালি বনোৱাৰ সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰে ৰাজ্যিক মুখ্য প্ৰৱন্ধক জি ৰমেশে৷

আজি মহানগৰীৰ নুনমাটিস্হিত ইণ্ডিয়ান অইলৰ ৰাজ্যিক কাৰ্যালয়ত অনুস্হিত এক সংবাদ মেলত ৰমেশে লগতে কয় ছিলিণ্ডাৰৰ দাম বৃদ্ধিয়ে দেশত ১৭ হাজাৰ কৌটি টকা সংগ্ৰহ হ’ব৷

ইয়াৰে চাৰিশ কৌটি টকা অসমৰ বাবে ধাৰ্য্য কৰা হৈছে৷সেইবাবে ইণ্ডিয়ান অইলে পাম্পসমূহত বৰষুণৰ পানী নপৰাৰ বাবেই চালি নিৰ্মাণৰ কাম হাতত লৈছে৷

ইয়াৰ উপৰিও পেট্ৰল পাম্পসমূহত খোৱা পানী, টয়লেট ব্যৱস্থা গ্ৰহণ কৰিছে অইল কৰ্তৃপক্ষই৷

যিবিলাক পাম্পত এই সুবিধা নাই তেনেকুৱা পাম্পৰ বিৰুদ্ধে গ্ৰহকে ইণ্ডিয়ান অইলৰ ওচৰত অভিযোগ দিব পাৰে বুলি প্ৰৱন্ধকজনে উল্লেখ কৰে৷

তেওঁ লগতে কয় ইণ্ডিয়ান অইলৰ অধীনত থকা গেছসমূহৰ ডেলিভাৰীৰ সময়ত গ্ৰাহকৰ পৰা ধন বিচৰাৰ অভিযোগ উত্থাপন হৈ আহিছে এই সন্দৰ্ভত তেওঁ ১৮০০২৩৩৩৫৫৫ নং অভিযোগ দিবলৈ গ্ৰাহকক আহ্বান জনায়৷ ইয়াৰ উপৰিও অইল ইণ্ডিয়াৰ তৰফৰ পৰা নাৰাঙ্গী হাইস্কুলত জিৰণি চ’ৰা কোঠা নিৰ্মাণ কৰাৰ লগতে ৰেডক্ৰছ হাস্পতালক দুখন এম্বুলেন্স প্ৰদান কৰাৰ কথা জি ৰমেশে উল্লেখ কৰে৷

উল্লেখযোগ্য যে সংবাদ মেলখনত ৰাজ্যিক প্ৰবন্ধক পি কে কাকতী সহ কেইবাগৰাকী প্ৰবন্ধক উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here