অসমৰ এজন সেনা জোৱানৰ পথ দুৰ্ঘটনাত মৃত্যু

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৫ ফেব্ৰুৱাৰীঃ ঘটনা ঝাৰখণ্ডৰ ৰাঞ্চিৰ। এক ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক আকোঁৱালি লয় ঝাৰখণ্ডত কৰ্মৰত অসমৰ এজন সেনা জোৱানে।

ঝাৰখণ্ডৰ হাজাৰিবাগস্থিত মেৰু সেনা কেম্পত দেশ সেৱাহিতাৰ্থে বি এছ এফ জোৱান হিচাপে কৰ্মৰত হৈ থকা অসমৰ লংকা চহৰৰ বাসিন্দা নিষিকান্ত সিনহা নামৰ সেনা জোৱানজনে যোৱা ২২ ফ্ৰেব্ৰুৱাৰী তাৰিখে নিজা কেম্পৰ পৰা ৩ দিনৰ ছুটি লৈছিল।

ইয়াৰ পাছতেই জোৱানজনে নিজৰ এজন বন্ধুক শনিবাৰে সপৰিবাৰে ৰাঞ্চী ৰে’লৱে ষ্টেচনত নিজা বাহনেৰে থবলৈ বুলি ওলাই যায়।

কোনে জানিছিল যে মাজবাটতেই ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৱে অপেক্ষা কৰি আছিল নিশিকান্তৰ বাবে।

পেংকী গাঁৱৰ সমীপত ৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটি কেকুৰীত প্ৰথমে এখন বাছে পাছফালৰ পৰা খুন্দা মাৰে।

তাৰ পাছতেই নিষিকান্ত সিনহাই বাহনত থকা বন্ধু তথা বন্ধুৰ পৰিয়ালটোক গাড়ীতে বহিবলৈ দি বাছ চালকৰ লগত কথা পাতিবলৈ গাড়ীৰ পৰা নামে।

কিন্তু সেই সময়তে ঘটে অঘটনটো। অন্য দিশৰ পৰা অহা এখন দ্ৰুত বেগী ট্ৰাকে গাড়ীৰ দৰ্জা সৈতে মহতীয়াই লৈ যায় জোৱানজনক।

অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখনে।

এই দুৰ্ঘটনাৰ খবৰ পাই স্থানীয় আৰক্ষীৰ লগতে জোৱানজন কৰ্মৰত সেনা কেম্পৰ উচ্চ পদস্থ সেনা বিষয়াসকল উপস্থিত হয়।

পাছত মৰণোত্তৰ পৰীক্ষা কৰি সামৰিক সন্মানৰে নিশিকান্ত সিনহাক অন্তিম বিদায় জনোৱা হয়।

অন্যহাতে সোমবাৰে সন্ধিয়া লংকাস্থিত স্বগৃহলৈ লৈ অনা হয় নিশিকান্তৰ নশ্বৰ দেহ।

স্ব-গৃহত মৃতদেহ উপস্থিত হোৱাৰ লগে-লগে কান্দোনত ভাগি পৰে পৰিয়াল,ওচৰ-চুবুৰীয়া তথা সতীৰ্থ সকল।

এক আবেগিক পৰিৱেশৰ মাজেৰে সামৰিক মৰ্যাদাৰে অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা হয় জোৱানজনক।

জোৱানজনক‌ অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয় হোজাই জিলাৰ কেবাজনো উচ্চ পদস্থ প্ৰশাসনিক বিষয়া।

শোকস্তব্ধ পৰিয়ালটোক সান্তনা দিবলৈ যেন সকলোৰে অভাৱ হৈছিল ভাষাৰ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here