প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজিৰ পৰা ললিত শইকীয়া, ২৫ ফেব্ৰুৱাৰীঃ মানৱ জীৱনত সফল হ’লে কঠোৰ সংগ্ৰামৰ প্ৰয়োজন ,সংগ্ৰাম অবিহনে সাফল্যৰ শিখৰত আৰোহণ কৰাটো সম্ভৱপৰ নহয় l
কঠোৰ শ্ৰম, অধ্যৱসায় ,কৰ্মস্পৃহা থাকিলে সাফল্যৰ শিখৰত আৰোহন কৰাটো নিশ্চয়কৈ সম্ভৱ l
তাৰে এক উৎকৃষ্ট উদাহৰণ সমাজৰ আগত দাঙি ধৰিছে ধেমাজিৰ টেঙাপুৰৰ এজন উদীয়মান যুৱকে।
বাবুল গগৈ নামৰ এই যুৱকজনে জীৱন বাটত লৈছে এক সংগ্ৰাম,সমাজ জীৱনত নিজকে চিনাকী কৰাৰ বাবে লৈছে এক প্ৰত্যাহ্বান ,অতি দৰিদ্ৰ তথা মেধাসম্পন্ন, এই যুৱকজনে নিজেই কাপোৰ চিলাই কৰি তাৰ পৰা উপাৰ্জিত ধনেৰে নিজা প্ৰচেষ্টাত (জীৱন প্ৰোজ্জল) নামেৰে এটা এন জি অ’ গঠন কৰি ৫৩ গৰাকী নিৱনুৱা মহিলাক বিনামূল্যে টেলাৰিং আৰু কাটিং প্ৰশিক্ষণ দি সমাজত দেখুৱাইছে কৰ্ম দক্ষতাৰ অনন্য নিদৰ্শন…।
যিটো সময়ত নিবনুৱা সমস্যায়ে দেশক জুৰুলা কৰিছে সেইটো সময়তে ধেমাজিৰ এই যুৱকজনৰ আদৰ্শক ধেমাজিৰ ৰাইজে প্ৰশংসাৰে উপচায় পেলাইছে…।যিটো সময়ত মহিলা সৱলীকৰণৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে সেইটো সময়তে সমাজত এনে পদক্ষেপ গ্ৰহণ কৰা যুৱকজনৰ ওপৰত এতিয়া চৰকাৰৰ চকুত পৰিবনে ?