হোজাইত জিলা আইন সেৱা প্ৰাধিকৰণৰ সজাগতা সভা

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৬ ফেব্ৰুৱাৰীঃ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে নিৰ্যাতিত, নিষ্পেষিত তথা দৰিদ্ৰ লোকসকলৰ আইনী সজাগতাৰ বাবে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে৷

শিশু শ্ৰমিক, বাল্য বিবাহ, নিৰ্যাতন আদিৰ বিৰুদ্ধে ঠায়ে ঠায়ে সজাগতা সভাৰ জৰিয়তে ৰাইজক আইনীভাৱে সজাগ কৰাৰ প্ৰচেষ্টা হাতত লৈছে আইন সেৱা প্ৰাধিকৰণে৷

মঙ্গলবাৰে কান্দুৰা কাৰ্বি সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সজাগতা সভাৰ জৰিয়তে জনজাতীয় লোকসকলক তেওঁলোকৰ সংবিধান প্ৰদত্ত অধিকাৰৰ প্ৰতি সজাগ হ’বলৈ আহ্বান জনায় জিলা আইন সেৱা প্ৰাধিকৰণে৷

সভাত জনজাতীয় অধিকাৰ সুৰক্ষা আঁচনি ২০১৫ আৰু অনুসূচীত জাতি-জনজাতি অত্যাচাৰ নিবাৰণী আইন ১৯৪৭ ৰ ওপৰত ব্যক্তব্য প্ৰদান কৰে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাঙে৷

একেখন সভাতে পেনেল অধিবক্তা ৰোহিনা ৱাৰিছে ডাইনী হত্যা, শোষণ, নিৰ্যাতন আদিৰ ওপৰত ভাষণ প্ৰদান কৰি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here