শোণিতপুৰ জিলা সূলভ মূল্য ব্যৱসায়ী সন্থাৰ তৃতীয় বাৰ্ষিক অধিবেশনৰ ব্যাপক প্ৰস্তুতি

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰাঃ সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী ফেডাৰেশ্বনৰ পঞ্জীয়নভুক্ত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সক্ৰীয় জিলা সমিতি শোণিতপুৰ জিলা সূলভ মূল্য ব্যৱসায়ী সন্থাৰ তৃতীয় বাৰ্ষিক অধিবেশনখন অহা ২ মাৰ্চত দিনযোৰা কাৰ্য্যসূচীৰে মহাভৈৰৱ সমবায় সমিতিৰ সৌজন্যত উদযাপন কৰিবলৈ উদ্যোক্তাসকলে ব্যাপক প্ৰস্তুতি চলাইছে৷

তেজপুৰৰ মহাভৈৰৱ সমবায় সমিতিৰ কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিতব্য উক্ত অধিবেশনৰ মুকলি সভাত সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী ফেডাৰেশ্বনৰ মহা সচিব বিশ্বম্ভৰ বসু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বিশেষ ৰাজ্যৰ স্বীকৃতি প্ৰাপ্ত অসমৰ দুৰ্ভগীয়া তথা ৰাজ্য চৰকাৰ আৰু প্ৰশাসনৰ দ্বাৰা লাঞ্চিত,বঞ্চিতহৈ থকা সুলভ মূল্যৰ ব্যৱসায়ীসকলক উদ্দেশি ভাষণ প্ৰদান কৰিব বুলি শোণিতপুৰ জিলা সূলভ মূল্য ব্যৱসায়ী সন্থাৰ সভাপতি বিৰোজ শইকীয়া জানিবলৈ দিয়ে৷

অধিবেশনৰ দিনযোৰা কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণ, ৮ বজাত পতাকা উত্তোলন, ৮-৩০ বজাত স্মৃতি তৰ্পণ, ৯ বজাত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা জাতীয় সংগীত পাঠ, ৯-৩০ বজাত এজেন্ট সন্থাৰ কাৰ্যালয় গৃহৰ শুভ উদ্বোধন, ১০ বজাত প্ৰতিনিধি সভা, ১০-০৫ বজাত আদৰণি অনুষ্ঠান, ১০-১৫ বজাত সম্বৰ্ধনা অনুষ্ঠান, ১০-৩০ বজাত আদৰনি ভাষণ, ১০-৪৫ বজাত সভাৰ উদ্দেশ্য বাখ্যা আৰু বিয়লি ২ বজাৰ পৰা অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হ’ব৷

শোণিতপুৰ জিলা সূলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি বিৰোজ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া সভাখনত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষন চৌধুৰী, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, শোণিতপুৰ জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং,শোণিতপুৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ সঞ্চালক আৰু অধীক্ষক ক্ৰমে ভাৰত চন্দ্ৰ বৰদলৈ, বিৰো বৰা, সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি,সম্পাদক ক্ৰমে ধৰণীধৰ বৰা, হৰিনাৰায়ন দত্তকে প্ৰমুখ্য কৰি সন্থাৰ বহুকেইগৰাকী ৰাজ্যিক বিষয় ববীয়া উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷

উক্ত অধিৱেশনৰ সমূহ কাৰ্যসূচীত প্ৰতিখন জিলা সমিতিৰ বিষয়-ববীয়াৰ লগতে সকলো সুলভ মূল্যৰ ব্যৱসায়ীৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here