আজিৰে পৰা হালোগাঁওত শশাংক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা আৰম্ভ

0
14

প্ৰাগজ্যোতিষ বাৰ্তা, শুৱালকুছি, ২৯ ফেব্ৰুৱাৰীঃ স্বাধীনতা সংগ্ৰামী ‘লংকেশ্বৰ দাস স্মৃতি ন্যাস’ৰ উদ্যোগত তথা হালোগাঁও সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে হালোগাঁও অভয় চৰণ চৌধাৰী ষ্টেডিয়ামত সদৌ অসম ভিত্তিত শশাংক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা আৰম্ভ হ’ব৷

অসমৰ ভিন্ন জিলাৰ সৰ্বমুঠ ১৬ টা দলে যোগদান কৰা প্ৰতিযোগিতাখন আৰম্ভ হ’ব ২৯ ফেব্ৰুৱাৰীৰ বিয়লি তিনি বজাৰ পৰা৷

প্ৰতিযোগিতাখন উদ্বোধন কৰিব বিশিষ্ট অভিনেতা সুজিত শৰ্মাই৷

২ বজাত আৰম্ভ হ’বলগীয়া উন্মোচনী সভাত সভাপতিত্ব কৰিব ‘লংকেশ্বৰ দাস স্মৃতি ন্যাস’ৰ সভাপতি দিপাংক দাসে৷

সভাখনত মুূখ্য অতিথি হিচাপে উপস্থিত থাকিব জলসিঞ্চন(স্বতন্ত্ৰ)মন্ত্ৰী ভৱেশ কলিতা, বিশিষ্ট অতিথিসকল ক্ৰমে- গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, অসম পৰ্যাটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা আৰু জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্ত।

১ মাৰ্চত দ্বিতীয় তথা অন্তিম দিনাৰ প্ৰতিযোগিতা আৰম্ভ হ’ব দিনৰ ১ বজাৰ পৰা।

নিশা ৮-৩০ বজাত অনুষ্ঠিত হ’ব বঁটা বিতৰণী অনুষ্ঠান।

বঁটা বিতৰণী অনুষ্ঠানত সভাপতিত্ব কৰিব হালোগাঁও সেৱক সংঘ পুথিভঁৰালৰ সভাপতি সত্যৰাম কলিতাই।

মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা(স্বতন্ত্ৰ) মন্ত্ৰী যোগেন মহন তদুপৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষা তথা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, বিশিষ্ট কণ্ঠশিল্পী জিতুল সোণোৱাল আৰু অভিনেতা প্ৰাণজিৎ দাস।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here