ঐতিহাসিক শিৱসাগৰত উদ্যমিতা দিৱস উদ্‌যাপন

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৯ ফেব্ৰুৱাৰীঃ প্ৰথম ভাৰতীয় চাহ খেতিয়ক, প্ৰথম পঞ্জীকৃত অসমীয়া ব্যৱসায়ী শ্বহীদ মণিৰাম দত্ত দেৱান বাৰভাণ্ডাৰ সাদৰামিন বৰুৱাৰ ১৬২ সংখ্যক মৃত্যু তিথি ‘উদ্যমিতা দিৱস’ ‘Entrepreneurship Day’ হিচাপে শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অসম চেম্বাৰ অফ কামাৰ্চ, শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত উদ্‌যাপন কৰে।

দিৱস উপলক্ষ্যে শিৱসাগৰৰ বিশিষ্ট ব্যৱসায়ীসকলক অসম চেম্বাৰ অফ কমাৰ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷

লগতে শিৱসাগৰৰ সকলো ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ব্যৱসায়ীসকলে স্বাধীনতা আন্দোলনৰ যুঁজাৰুগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সম্পাদক তথা শিৱসাগৰ জিলা চেম্বাৰ অফ কমাৰ্চৰ সভাপতি ভৱেন্দ্ৰ নাথ মহন, কাৰ্যকৰী সভাপতি বকুল বৰঠাকুৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here