প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ৪ মাৰ্চঃ উত্তৰ পূৰ্বাঞ্চলৰ অস্হিৰোগীসকলৰ বাবে এটি সুখৱৰ’ পাটনাৰ পপুলাৰ নাচিংহোমৰ জ্যেষ্ঠ অস্হিৰোগ ৰোগ বিশেষজ্ঞ ডাঃ অশোক কুমাৰ সিনহাই গোৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত চিকিৎসা সেৱা আগবঢ়াব৷
ক্ৰমন্নয়ে উত্তৰ পূৰ্বাঞ্চলত অস্হিৰোগীৰ পৰিমান বৃদ্ধি পোৱাৰ বাবে যঠেষ্ট সংখ্যক ৰোগী পাটনালৈ ঢাপলি মেলে৷
ইয়াৰ বাবে ৰোগীসকলৰ যঠেষ্ট পৰিমানৰ ধন খৰচ হোৱাৰ লগতে শাৰীৰীক পৰিশ্ৰম হয়৷
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকলৰ সুবিধাৰ বাবে ডাঃ সিনহা গুৱাহাটী তথা অসমৰ বিভিন্ন জিলাত চিকিৎসা সেৱা আগবঢ়ব৷
যিসকল ৰোগীক কোনো ধৰণৰ অস্ত্ৰোপচাৰ কৰিব নালাগে সেইসকল ৰোগীক ইয়াতে চিকিৎসা কৰিব পৰা যাব৷
ইয়াৰ সমান্তৰালভাৱে কিছু সংখ্যক ৰোগীক অস্ত্ৰোপচাৰ কৰিব লগা হয় সেইসকল ৰোগীক পাটনাৰ পপুলাৰ নাৰ্চিংহোমত অস্ত্ৰোপচাৰ কৰা হ’ব অতি কম খৰচত৷
এই মন্তব্য ডাঃ অশোক কুমাৰ সিনহাৰ৷
অলপতে গুৱাহাটীৰ খ্ৰীষ্টিয়ানবষ্টীস্হিত শান্ত জৈন হাস্পতালত অনুষ্ঠিত এক সংবাদ মেলত তেওঁ এইদৰে কয়৷
তেওঁ কয় যে ২৯ ফেব্ৰুৱাৰী আৰু ১মাৰ্চ এই দুটা দিনত প্ৰায় ২৫০ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে৷
ইয়াৰে বেছি সংখ্যক ৰোগীৰ জইন্ট পেন’ আৰু হাড়ৰ সমস্যা৷হাড়ৰ সমস্যাসমূহ বয়স হ’লেও আৰোগ্য হোৱত বিশেষ অসোবিধা নহয়৷য
ভালদৰে চিকিৎসা কৰিলে সহজে আৰোগ্য লাভ কৰিব পাৰে বুলি ডা° সিনহাই কয়৷