প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ৬ মাৰ্চঃ আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেন্ড মুমুছ’ৱে আজি গুবাহাটীৰ আৰ জি বৰুৱা ৰোডত দ্বিতীয়খন বিপনী মুকলি কৰে৷
বিপনীখনত ১৫ টাতকৈ অধিক শাখাত এক হাজাৰতকৈ অধিক সামগ্ৰীৰ প্ৰায় দুই হাজাৰতকৈ অধিক অধিক প্ৰকাৰ আগবঢ়াই এই অঞ্চলটোৰ লাইফ ষ্টাইল আৰু ফেশ্বনৰ বজাৰখনক আকৰ্ষণৰ লক্ষ্য কৰি লৈছে৷
মুমুছ’ ইন্ডীয়াৰ বিপনী প্ৰবন্ধক অভিনৱ আগৰৱালা আৰু বিক্ৰী প্ৰবন্ধক অমিত কুমাৰ শৰ্মাই বিপনীখন মুকলি কৰি কয় যে বিপনীখন প্ৰায় ১১০০ বৰ্গফুট জুৰি বিস্তৃত হৈ থকা গুৱাহাটীৰ এই নতুন বিপনীখনত গ্ৰাহকৰ সুবিধাৰ বাবে এক্সেছৰিজ’ ষ্টেচনাৰী’ ক্ষুদ্ৰ ইলেক্ট্ৰনিক’ লাইফ ষ্টাইল সামগ্ৰী স্কীনকেয়াৰ, প্ৰসাধন সামগ্ৰী সৌন্দৰ্য পৰিচাৰ্যৰ সাৰঞ্জম, ঘৰুৱা আচৱাব, শিশু উপযোগী সামগ্ৰী, পেট কেয়াৰ জুৱেলাৰী সামগ্ৰী উপলব্ধ হ’ব বুলি প্ৰৱন্ধক আগৰৱালাই কয়৷
তেওঁ কয় যে উত্তৰ পূবৰ বজাৰত চলিত বৰ্ষত ১৫ খনতকৈ অধিক বিপনী মুকলি কৰাৰ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰে৷
বিক্ৰী বিভাগৰ মুৰব্বী অমিত কুমাৰ শৰ্মাই অনুষ্ঠানত উপস্থিত থাকি কয় যে ভাৰতৰ খুচুৰা বজাৰখন যঠেষ্ট বৃহৎ৷
লাইফ ষ্টাইল সামগ্ৰীৰ ক্ষেত্ৰত বিগত বছৰসমূহত চাহিদা অধিক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
ই-কমাৰ্চ বজাৰত প্ৰৱেশৰ লগতে সমগ্ৰ দেশজুৰি আমি বিপনী স্হাপনৰে ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ আগ্ৰহী৷
মুমুছত কোৰিয়ান কছমেটিকছৰ শ্ৰেষ্ঠতম ছাল পৰিচৰ্যাৰ সামগ্ৰী ৰ্ঙৰ সমহাৰ ঘটোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে৷