মাজবাটত অগ্নি আৰু আপদকালীন সেৱাৰ কাৰ্যালয়ৰ শুভ উদ্বোধন

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ৬ মাৰ্চঃ ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ প্ৰাংগণত ৫ মাৰ্চৰ দিনৰ ১২ বজাত অগ্নি নিৰ্বাপক বাহিনীৰ সেৱাৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োই।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী, ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰিপুল দাস, মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিমান দাসে।

বৃহত্তৰ মাজবাট অঞ্চলত অগ্নি নিৰ্বাপক কাৰ্যালয় এটি স্থাপনৰ সমস্যাই এই অঞ্চলৰ ৰাইজৰ মাজত মূল সমস্যা হিচাপে পৰিগণিত হৈ আহিছিল।

এই অগ্নি আৰু আপদকালীন সেৱাৰ কাৰ্যালয়ৰ শুভ উদ্বোধনৰ দ্বাৰা মাজবাট অঞ্চলৰ বহুদিনীয়া সমস্যা এটিৰ সমাধান হ’ল বুলি ৰাইজে মত প্ৰকাশ কৰে।

অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ওদালগুৰি বা ঢেকিয়াজুলিৰ পৰা আহি জুই নিৰ্বাপিত কৰাত বহু সময়ত ব্যৰ্থ হ’ব লগা হৈছিল আৰু এই ক্ষেত্ৰত মানুহৰ লগতে সম্পত্তিও হেৰুৱাব লগা হৈছিল।

৭০নং মাজবাট বিধানসভা সমষ্টিৰ স্থানীয় বিধায়কৰ উদ্যোগত ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক আৰু মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিমান দাস, মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰছাদ , মাজবাটৰ সাংবাদিকৰ সহযোগত মাজবাটত অগ্নি নিৰ্বাপক বাহিনী আৰু আপদকালীন সেৱা মাজবাটলৈ অনাৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলক স্থানীয় ৰাইজে আজিৰ সভাত শলাগ লয়।

শিৱিৰৰ কাৰ্যালয়ৰ শুভ উদ্বোধনীৰ সভাত মাজবাটৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সদস্যৰ লগতে গাওঁবুঢ়া, ব্যৱসায়িক সন্থা, বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিক আদি উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here