সমগ্ৰ বিশ্বত বৰ্তমান ক’ৰণা ভাইৰাছৰ আতংকঃ ভুটান ৰাষ্ট্ৰত বিশেষ সতৰ্কতা অৱলম্বনঃ প্ৰতিগৰাকী ভাৰতীয় লোক তথা পৰ্যটকক পৰীক্ষা কৰিহে সোমাবলৈ দিয়া হৈছে ভূটানত

প্ৰাগজ্যোতিষ বাৰ্তা, বাক্সাৰ পৰা ধীৰজ উপাধ্যায়, ৬ মাৰ্চঃ সমগ্ৰ বিশ্ব বৰ্তমান ক’ৰণা ভাইৰাছক লৈ আতংকিত হৈ পৰিছে।

এই ক’ৰণা ভাইৰাছক লৈ বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভুটানেও।

ইষ্টাৰ্ণ ভুটানৰ চামদ্ৰুপ ঝংখাৰত অৱলম্বন কৰা হৈছে বিশেষ সতৰ্কতা।

ভাৰত-ভূটান সীমান্তৰ চামদ্ৰুপ ঝংখাৰৰ প্ৰৱেশ দ্বাৰত প্ৰতি গৰাকী ভাৰতীয় হওক বা ভুটানী হওক বা অন্য বিদেশী পৰ্যটক হওক, প্ৰতি গৰাকী লোকক চামদ্ৰুপ ঝংখাৰৰ প্ৰৱেশ দ্বাৰত এক বিশেষ যন্ত্ৰৰ দ্বাৰা পৰীক্ষা কৰা হৈছে।

সেই দৃশ্য বন্দী হৈছে প্ৰাগজ্যোতিষৰ কেমেৰাত…….

চামদ্ৰুপ ঝংখাৰৰ প্ৰৱেশ দ্বাৰত প্ৰতিগৰাকী লোকক পৰীক্ষা কৰাৰ পিছতহে এইদৰে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ভূটান ৰাষ্ট্ৰৰ ভিতৰত।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here