ড° গায়ত্ৰী বৰাৰ গ্ৰন্থ ~পৰিৱেশ্য কলা আবৃত্তি

– ড° বুলজিৎ বুঢ়াগোহাঁই

মাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা সু-লেখিকা ড° গায়ত্ৰী বৰা কাকতিৰ আবৃত্তি বিষয়ক পুথি ‘পৰিৱেশ্য কলা আবৃত্তি’। এই পুথিখনত আবৃত্তি কি, ইয়াৰ ইতিহাস আৰু চৰ্চ্চা সম্পৰ্কে সকলোৰে বোধগম্য হোৱাকৈ বৰ্ণনা কৰিছে।

‘পৰিৱেশ্য কলা আবৃত্তি’ পুথিখনত মুঠ দহটা অধ্যায় আছে। এই অধ্যয়বোৰ হ’ল – ১। আবৃত্তি সংজ্ঞা, ইতিহাস আৰু প্রয়োগ ২। আবৃত্তি চৰ্ত ৩। কণ্ঠস্বৰ প্রসঙ্গ ৪। উচ্চাৰণ ৫। ৰস ৬। ছন্দ ৭। অলংকৰ, চিত্রকল্প, প্রতীক ৮। আবৃত্তিকাৰৰ দক্ষতা বৃ্দ্ধিৰ ব্যায়াম ৯। আবৃত্তি প্রতিযোগিতাৰ বিচাৰ আৰু কবিতা নিৰ্বাচন আৰু ১০। আবৃত্তিৰ পৰিৱেশন।

‘আবৃত্তি সংজ্ঞা, ইতিহাস আৰু প্রয়োগ’ অধ্যয়টোত আবৃত্তি কি, ইয়াৰ ইতিহাস আদিৰ বিষয়ে আলোচনা কৰাৰ লগতে আবৃত্তি শিল্পৰ পৰা সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, নান্দনিক দিশত কেনেদৰে লাভান্বিত হ’ব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰিছে।

‘আবৃত্তি চৰ্ত’ অধ্যয়টোত আবৃত্তি কৰাৰ কেইটামান ৰীতিৰ বিষয় আলোচনা কৰিছে যাতে সেই চৰ্তসমূহ মানি চলিলে আবৃত্তিকাৰৰ সহজতে হোৱা ভুল-ক্রুটিসমূহ নোহোৱা হয়।

‘কণ্ঠস্বৰ প্রসঙ্গ’ অধ্যয়টোত স্বৰ সৃষ্টিত প্রত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰা ৮টা অংগ, স্বৰৰ প্রকাৰ আদিৰ বিশদ বৰ্ণনা দাঙি ধৰি কবিতা আবৃত্তি কৰাৰ আগতে আবৃত্তিকাৰে কবিতাৰ কোনটো শব্দত কেনে ধৰণৰ স্বৰ প্রয়োগ কৰিব লাগিব তাক সুন্দৰভাবে বুজাই দিছে।

‘উচ্চাৰণ’ অধ্যয়টোত ধ্বনি ভাগ আৰু ধ্বনি পৰিৱৰ্তনৰ কেইটামান দিশ দাঙি ধৰিছে।

‘ৰস’ অধ্যয়টোত আবৃত্তিকাৰৰ বাবে নৱৰৰ জ্ঞান আৰু বিভিন্ন ৰসৰ কবিতা কেনেদৰে মাতিব লাগিব তাৰ অনুশীলন কৰাৰ যে প্রয়োজন আছে সেই বিষয়ে আলোচনা কৰিছে।

‘ছন্দ’ অধ্যয়টোত আবৃত্তি কৰিবলৈ লোৱা কিতাৰ ছন্দ য’তি বিৰাম লয় আদি জান ল’লেহে কবিতা শ্রোতাৰ আগত শিল্পকৰ্ম হিচাপে দাঙি ধৰিব পাৰিব তাৰ বৰ্ণনা দিছে।

‘আবৃত্তিকাৰৰ দক্ষতা বৃ্দ্ধিৰ ব্যায়াম’ অধ্যয়টোত সফল আবৃত্তিকাৰ হ’বৰ বাবে কিছুমান ব্যায়াম অভ্যাস কৰিব লাগে সেই কথা উল্লেখ কৰিছে। যেনে – প্রাণায়াম, ডায়েফ্রাম ব্রীডিং, ওঁঠ, জিভা, গাল আদিৰ ব্যায়াম, কোমল তালুৰ ব্যায়াম, চকুৰ ব্যায়াম আদি।

পৰিশিষ্ট ‘গ্রন্থপঞ্জী’ত আছে ‘পৰিৱেশ্য কলা আবৃত্তি’ পুথিখন প্রণয়ন কৰোতে সহায় লোৱা নখন গ্রন্থৰ তালিকা।

পুথিখন শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৯সংখ্য বাৰ্ষিক বোকাখাত অধিৱেশনৰ সাধাৰণ সম্পাদক চন্দ্ৰকান্ত ভূঞাই প্রকাশ কৰিছে। গ্রন্থখনৰ মূল্য ১০০টকা । পুথিখনত মুঠ ১০৮ পৃষ্ঠা আছে । পুথিখন প্রথম প্রকাশ পাইছে ৫ ফেব্ৰুৱাৰী ,২০২০ ।

এই পুথিখনৰ পৰা সকলো শ্রেণীৰ পাঠক তথা আবৃত্তি কৰোঁতাৰ লগতে বিচাৰকসকলক বিশেষভাবে উপকৃত হ’ব । তাৰোপৰি , অভিনেতা, সংগীত শিল্পী, দূৰদৰ্শন তথা ৰেডিঅ’ৰ সাংবাদিক, সুবক্তা হ’ব খোজা সকলেও পুথিখন পৰা লাভাৱান হ’ব। এনে এখন সুন্দৰ গ্রন্থ পাঠক সমাজলৈ লৈ আগবঢ়োৱা বাবে ড° গায়ত্ৰী বৰা কাকতিক ধন্যবাদ জনাইছো।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here