কঠালবাৰীত ৮৩ সংখ্যক দৌল উৎসৱ উদযাপন

0
89

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰী, ১১ মাৰ্চঃ ৰঙৰ উৎসৱ ফাকুৱাৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ কঠালবাৰীৰ বিগত বছৰৰ দৰে এইবেলিও উদযাপন কৰা হয় ৮৩ তম শ্ৰীশ্ৰী কৃষ্ণ দৌল মহোৎসৱ।

অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৮ মাৰ্চ দেওবাৰে পুৱা ৯ বজাত ধৰ্মীয় শোভাযাত্ৰাৰে দৌল উৎসৱৰ আৰম্ভণি কৰা হয়।

দিনৰ ২ বজাত বন্তি প্ৰজ্বলনে দৌল উৎসৱৰ দ্বাৰ মুকলি কৰে পৰিবহণ, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

উক্ত দিনাই আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা দৌল মহোৎসৱ সভাৰ উদ্বোধন কৰে বি টি আৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে, সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম।

অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়া ৭ বজাত ‘আবিৰ’ স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়।

স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে।

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে অসম সাহিত্য সভাৰ মাতৃ ভাষা বিদ্যালয় সমন্বয় সমিতিৰ আহ্বায়ক গোবিন্দ কলিতা, ৰাজ্যিক বঁটা প্ৰাপ্ত কৃতি শিক্ষক প্ৰমোদ কুমাৰ তালুকদাৰ, অসম সাহিত্য সভাৰ কোষাধ্যক্ষ কনক কুমাৰ বৰা আৰু অসম সাহিত্য সভাৰ বঁটা প্ৰাপ্ত কবি,লেখিকা মনীষা শৰ্মা।

আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে ছাত্ৰ -ছাত্ৰীৰ মাজত কুইজ, চিত্ৰাংকন,বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰাৰ লগতে ১৩ মাৰ্চৰ সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here