জাৰ্ণেলিষ্ট উইনিয়ন অৱ আসাম(জুৱা)ৰ কলিয়াবৰ জিলা সমিতিৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১১ মাৰ্চঃ নগাঁও জিলাৰ চামগুৰিস্থিত গড়কাপ্তানি পৰিদৰ্শন ভৱনত ৮ মাৰ্চত জাৰ্ণেলিষ্ট উইনিয়ন অৱ আসাম(জুৱা)ৰ কলিয়াবৰ জিলা সমিতিৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়৷

৮ মাৰ্চৰ দুপৰীয়া গড়কাপ্তানি পৰিদৰ্শন ভৱন,চামগুৰিত জাৰ্ণেলিষ্ট উইনিয়ন কলিয়াবৰ জিলা সমিতিৰ সভাপতি নীলৰঞ্জন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জিলা সমিতিৰ সাধাৰণ সম্পাদক গোলাপ শইকীয়াই বিগত কাৰ্যকালৰ হিচাপ দাখিল কৰাৰ লগতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে৷

উক্ত সভাতে পুৰণা জিলা সমিতিয়ে পদত্যাগ কৰাৰ পাছতে আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে নতুনকৈ এখন ২১ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়৷

সমিতিৰ বিষয়ববীয়াসকল হ‘ল ক্ৰমে— সভাপতি নীলৰঞ্জন শৰ্মা, উপ সভাপতি গৌতম বৰা, সাধাৰণ সম্পাদক দিগন্ত ভূঞা, সহকাৰী সম্পাদক দিব্যজ্যোতি ভূঞা, সাংগঠনিক সম্পাদক অভিজিৎ বৰা, কেন্দ্ৰীয় সদস্য গৌতম বৰা আৰু গোলাপ শইকীয়া, উপদেষ্টাদ্বয় প্ৰদীপ বৰা আৰু নৱজ্যোতি বৰা, কাৰ্যকৰী সদস্যসকল ক্ৰমে— দুলাল শৰ্মা, ভাৰ্গৱ হাজৰিকা, নয়নমনি বৰা, বিদ্যুত জ্যোতি বৰা, জিতুমনি বৰা, দিপাংকৰ ভৰদ্বাজ, বাটচাম হক,সৰানন বৰা, ৰাজু বিশ্বাস, দীপু বৰা, তৰুণ মুক্তিয়াৰ, কিশোৰী কুমাৰ ডেকা৷ সভাত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে জুৱাৰ কেন্দ্ৰীয় সমিতিৰ যুটিয়া সম্পাদক থুলেশ্বৰ কলিতা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা জুৱা নগাঁও জিলা সমিতিৰ সভাপতি কবিন গায়ন উপস্থিত থাকে৷

উক্ত সভাতে পৰ্য্যবেক্ষকদ্বয়ে ২৮ আৰু ২৯ মাৰ্চত ৰঙিয়াত অনুষ্ঠিতব্য জুৱাৰ ৰাজ্যিক অধিবেশনলৈ সদলবলে সকলো সাংবাদিককে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here