বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বানগুৰী গাঁৱৰ এজন যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এখন প্ৰাকৃতিক নাট্য মঞ্চ “ওখ্ৰাঙ দা স্কাই”

প্ৰাগজ্যোতিষ বাৰ্তা, বাক্সাৰ পৰা ধীৰজ উপাধ্যায়,১১ মাৰ্চঃ বাক্সাৰ এখন প্ৰাকৃতিক নাট্য মঞ্চ “ওখ্ৰাঙ দা স্কাই”৷

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বানগুৰী গাঁৱৰ এজন যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে প্ৰাকৃতিক পৰিৱেশৰ এখন নাট্য গাঁও।

যুৱকজনৰ নাম হৈছে ওখ্ৰাঙ বড়ো।

অভিনয়ৰ প্ৰতি আগ্ৰহী ওখ্ৰাঙ বড়োৱে জানিবলৈ দিয়া অনুসৰি জিলাখনৰ বিভিন্ন প্ৰান্তত থকা বড়ো যুৱক-যুৱতীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে এই নাট্য মঞ্চখন।

ইতিমধ্যে “ওখ্ৰাঙ দা স্কাই”য়ে তৃতীয়টো নাট্য বৰ্ষ অতিক্ৰম কৰিছে ৷

যোৱা শনিবাৰে আবেলি নাট্য মঞ্চৰ শুভাৰম্ভ কৰে ২৬ নং দৰঙাজুলি বিটিচি পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰীয়ে৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়ক চন্দী বসুমতাৰী, বিপিএফৰ যুৱমৰ্চাৰ সভাপতি সোমনাথ বসুমতাৰীৰ উপৰিও কেইবাগৰাকী বিপিএফ দলৰ নেতা আৰু স্থানীয় ৰাইজ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here