বিটিচিৰ ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ জামুগুৰিত নিৰ্বাচন পৰিচালনা সমিতি গঠন

প্ৰাগজ্যোতিষ বাৰ্তা,বাক্সাৰ পৰা ধীৰজ উপাধ্যায়, ১১ মাৰ্চঃ বিটিচিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ জামুগুৰিত ৭ মাৰ্চত নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয়।

৭ মাৰ্চৰ আবেলি দৰঙাজুলিৰ জামুগুৰি কাৰ্যালয় প্ৰাঙ্গণত দৰঙাজুলি ব্লক বিপিএফৰ সাধাৰণ সম্পাদক কমল উজিৰৰ সভাপতিত্বত অনুষ্ঠিত এখন বিশাল সভাত ভেৰাগাঁও গাঁৱৰ প্ৰাত্তন সৈনিক মংগল ৰাভাক সভাপতি আৰু অমিৰ বড়োক সম্পাদক হিচাপে লৈ নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হয়।

সভাখনত দৰঙাজুলি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰীয়ে ভাষণ প্ৰসংগত ৰাইজক কয় যে বিপিএফ দলে বিগত সময়চোৱাত ৰাইজৰ বাবে বহু চৰকাৰী আঁচনি ৰূপায়ণত সফলতা লাভ কৰিব পাৰিছে।

ৰাস্তা-ঘাটৰে পৰা আৰম্ভ কৰি ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে দলং আদি নিৰ্মান কৰাৰ লগতে সকলো দিশতে উন্নয়ন সম্ভৱ হৈছে।

বিপিএফ দলে সততাৰে ৰাজনীতি কৰি আহিছে। যাৰ বাবে বিপিএফ দলে উক্ত সভাত কেইবাগৰাকী দলীয় কৰ্মীয়ে বক্তৃতা ই ৰাখে।

সভাখনত যুৱ বিপিএফৰ দৰঙাজুলি ব্লকৰ সভাপতি জয়দেৱ অধিকাৰী,দৰঙাজুলি ব্লক বিপিএফৰ সম্পাদক কমল উজিৰ, জয় বাহাদুৰ থাপা, প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, স্থানীয় দলীয় নেতা কৰ্মী তথা দুই শতাধিকৰো অধিক পুৰুষ মহিলা উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here