প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা,১৪ মাৰ্চঃ ধূম্ৰপান বিৰোধী দিৱস উপলক্ষে বুধবাৰে গুৱাহাটীৰ ছাত্ৰ আৰু শিক্ষক সমাজে যুৱ প্ৰজন্মৰ জীৱন ৰক্ষা কৰাৰ বাবে ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত শীঘ্ৰে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা প্ৰবৰ্তন আৰু ধোঁৱা বিহীন ধঁপাত জাতীয় সামগ্ৰী নিষিদ্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায়।
ধূম্ৰপান বিৰোধী দিৱস উপলক্ষে কনজুমাৰ্ছ লিগেল প্ৰটেক্টশ্বন ফৰাম, অসম আৰু কনজুমাৰ্ছ ভয়েছ, নতুন দিল্লীৰ উদ্যোগত বুধবাৰে গুৱাহাটীৰ বেলতলা হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়।
ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰা পৰিবলগীয়া ভয়াবহ প্ৰভাৱৰ বিষয়ে ছাত্ৰ সমাজক সজাগ কৰি তোলাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী পালন কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকি কনজুমাৰ্ছ লিগেল প্ৰটেক্টশ্বন ফৰাম, অসমৰ সচিব অজয় হাজৰিকাই কয়, অসমত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰকাৰীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। বিশেষকৈ যুৱ প্ৰজন্মৰ ক্ষেত্ৰত এইটোৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে।
১৩ বছৰৰ পৰা ১৫ বছৰ বয়সৰ ৩৪.৩ শতাংশ কিশোৰে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰে।
অসমত প্রায় ১ কোটি লোকে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰে।
প্ৰতি বছৰে অসমত ৩২ হেজাৰ কৰ্কট ৰোগী চিনাক্ত হয়। ইয়াৰ ৭০ শতাংশ লোকৰ ৰোগ শেষ অৱস্থাত ধৰা পৰে।
যাৰ ফলত ৪০/৫০ শতাংশ লোকৰ মৃত্যু হয়।
অনুষ্ঠানত ফৰামৰ নিজম বড়ো, নাজিয়া চুলতানা, ছন্দ গৌতম আৰু জাহাংগীৰ আলমে কয় যে, নিষেধাজ্ঞা স্বত্তেও বহুজাতিক কোম্পানী সমূহে পৰিকল্পিতভাবে কিশোৰ আৰু যুৱ প্ৰজন্মক ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰীৰ লক্ষ্য কৰি লৈছে।
ইয়াৰ বাবে কোম্পানীসমূহে শিক্ষানুষ্ঠানৰ কাষতে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিজ্ঞাপন দিয়ে।
অস্থায়ী আৰু পথৰ কাষৰ দোকানসমূহে কিশোৰ আৰু যুৱ প্ৰজন্মৰ বাবে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী সহজে উপলব্ধ কৰি তুলিছে।
অনুষ্ঠানত উপস্থিতি থাকি বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ বিৰোজা দাস মালাকাৰে কয়, ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ কু-প্ৰভাৱৰ পৰা যুৱ প্ৰজন্মক ৰক্ষাৰ কৰিবলৈ হ’লে চৰকাৰে শীঘ্ৰেধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন আৰু ধোঁৱাবিহীন ধঁপাতৰ বিক্ৰী কঠোৰভাৱে নিষিদ্ধ কৰিব লাগিব।
শিক্ষকসকলে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ কু-প্ৰভাৱৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক সজাগ কৰি তোলাৰ বাৰে পাঠক্ৰমত বিষয়টো অন্তৰ্ভুক্তিৰ সপক্ষে মত প্ৰকাশ কৰে।
অনুষ্ঠানত উপস্থিত ছাত্ৰ সমাজে নিকোটিন আৰু ধঁপাত মিহলি থকা গুটকা, পানমচলা আৰু অন্যান্য খোৱা বস্তুৰ প্ৰস্তুত, বিতৰণ, বিক্ৰী, পৰিবহণ, প্ৰদৰ্শনৰ ক্ষেত্ৰত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।