মাজবাটৰ ধনশ্ৰীত আছা’ৰ উদ্যোগত শৈক্ষিক সজাগতা সমদল কাৰ্যসূচী ৰূপায়ণ

0
10

প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ,১৫ মাৰ্চঃ ওদালগুৰি জিলাৰ মাজবাটৰ ধনশ্ৰী অঞ্চলত আজি আছা’ৰ ধনশ্ৰী শাখাৰ উদ্যোগত অঞ্চলটোৰ কণকণ ছাত্ৰ-ছাত্ৰীসকলক লৈ এক শৈক্ষিক সজাগতা সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।

ছাত্র-ছাত্ৰীসকলৰ শৈক্ষিক সমদলটো ধনশ্ৰী চাহ বাগিচাৰ লাইনসমূহত ঘুৰি ঘুৰি পুণৰ ধনশ্ৰী প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ সমদল সমাপ্ত কৰে।

আজিৰ এই শৈক্ষিক সজাগতা সমদল কাৰ্যসূচীত আছা’ মাজবাট আঞ্চলিকৰ সভাপতি শিৱলাল পানীকা, সম্পাদক গোপাল গোঁড় আদি উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here