ল‍ংকাৰ ২নং ৰে’ল গেটৰ সমীপত ৰে’ল খুন্দাত এজন নিহত

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৬ মাৰ্চঃ লংকাৰ ২নং ৰে’ল গেটৰ সমীপত অঘটন।

ৰে’লৰ খুন্দাত ১৫ মাৰ্চত নিহত এজন অৱসৰপ্ৰাপ্ত শিক্ষক।

নিহত শিক্ষক দ্ৰুণ সিংহৰ ঘৰ লংকাৰ মাষ্টৰ কলনীত।

নিহত শিক্ষক দ্ৰুণ সিংহৰ বয়স হৈছিল ৭৫ বছৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে,ঘৰৰ পৰা ওলাই আহি ৰে’ল লাইন পাৰ হ’ব খোজোতেই সংঘটিত হয় উক্ত ঘটনা।

ৰে’লৰ খুন্দাত মূৰত আঘাত পোৱাৰ ফলত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

পিছত ঘটনা স্হলীত লংকা ৰে’ল আৰক্ষীৰ লোক উপস্হিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ৰে’ল লাইনৰ ১৫৯/২ খুটাৰ সমীপত সংঘটিত হয় উক্ত কৰুণ ঘটনাটো।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here