ধেমাজিত আলি-আয়ে-লৃগাং লি: লেন

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ১৬ মাৰ্চঃ ফাগুন বুলিলে কেৱল পলাশ শিমলু ফোলাৰ বতৰে নহয় ফাগুনে লৈ আহে কৃষি কাৰ্যৰ শুভাৰম্ভণি তথা ভঁৰাল ওপচা শস্যৰ প্ৰতিশ্ৰুতিৰ বতৰ l

পলাশ শিমলু আৰু মদাৰে তাৰ কথাকে ৰিঙিয়াই তাৰ লঠঙা ডালত বিৰিঙালে তেজগোৰা ফুল আৰু আশাৰ কুঁহিপাত l

যেন অৰ্পণ কৰিছে ইষ্ট ইশ্বৰলৈ l

কাড়িচুক ৰাইজৰ লগতে ধেমাজিবাসীৰ শান্তি-সম্প্ৰীতিৰ বাবে আৰ্শীবাদ কামনা কৰি সূৰ্য-চন্দ্ৰ, মিচিঙৰ আদি পুৰুষ প্ৰকৃতিৰ ওচৰত প্ৰাৰ্থনা কৰি প্ৰকৃতিৰ দ্বাৰা লালিত-পালিত কৃষিজীৱি কাড়িচুকবাসী ৰাইজে ৰোপিত বীজৰ শ্ৰীবৃদ্ধি হোৱাৰ আশাৰে শনিবাৰে পুৱাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে আলি-আয়ে-লৃগাং লি: লেন উৎসৱটি উলহ-মালহেৰে পালন কৰে l

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here